অসম

assam

ETV Bharat / sports

তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত,আঘাতপ্ৰাপ্ত কুলদ্বীপ যাদৱ - ভাৰত বনাম দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব তৃতীয়খন টেষ্ট মেচ ৷ মেচৰ পূৰ্বেই আঘাতৰ সন্মুখীন হ’ল কুলদ্বীপ যাদৱ ৷ শ্বাহবাজ নদীমক দলত অন্তৰ্ভুক্তি ৷

তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত, আঘাতপ্ৰাপ্ত কুলদ্বীপ যাদৱ

By

Published : Oct 18, 2019, 11:52 PM IST

স্পৰ্টছ ডেস্ক,18 অক্টোবৰ:ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ শনিবাৰে ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অন্তিমখন মেচ ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত ক্লীন চুইপ কৰাৰ সুন্দৰ সুযোগ আহি পৰিছে বিৰাট বাহিনী নেতৃত্বাধীন দলটোলৈ ৷ অৱশ্যে মেচখনৰ পূৰ্বেই ভাৰতীয় দলটোৰ বাবে দুখবৰ ৷ আঘাতপ্ৰাপ্ত হ’ল চাইনা মেন নামে খ্যাত কুলদ্বীপ যাদৱ ৷ কুলদ্বীপে শুকুৰবাৰে বাঁও ফালৰ কান্ধত আঘাতৰ অনুভৱ ব্যক্ত কৰিছিল ৷ কুলদ্বীপৰ স্থানত বাঁওহাতৰ স্পিনাৰ শ্বাহবাজ নদীমক দলত স্থান দিয়া হৈছে ৷

কুলদ্বীপ যাদৱ

15 জনীয়া ভাৰতীয় দলটোত আছে-বিৰাট কোহলি (অঃ),অজ্যিংকা ৰাহানে (সঃঅঃ),ৰোহিত শৰ্মা,ময়ংক আগৰৱালা,চেতেশ্বৰ পূজাৰা,হনুমা বিহাৰী,ৰবিচন্দ্ৰন আশ্বিন,ৰবিন্দ্ৰ জাডেজা,ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ),ইশান্ত শৰ্মা,মহম্মদ ছামী,উমেশ যাদৱ,শুভমন গিল,কুলদ্বীপ যাদৱ, ঋষভ পন্ত আৰু শ্বাহবাজ নদীম ৷

ABOUT THE AUTHOR

...view details