নিউজ ডেস্ক , 13 ফেব্ৰুৱাৰীঃদক্ষিণ আফ্ৰিকাৰ প্ৰয়াত প্ৰাক্তন অধিনায়ক হেনচি ক্ৰনজৰ বিৰুদ্ধে থকা মেচ ফিক্সিঙৰ মূল অভিযুক্ত সঞ্জীৱ চাওলাক বৃহস্পতিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাচতে বহু ভাৰতীয় ক্ৰিকেটাৰ জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ দিল্লী আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি ব্ৰিটিছ নাগৰিক সঞ্জীৱ চাওলা বহু আন্তঃৰাষ্ট্ৰীয় খেলৰ মেচ ফিক্সিঙৰ লগত জড়িত আছিল ৷ উল্লেখযোগ্য যে,আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি চাওলাৰ সন্দৰ্ভত থকা গোচৰৰ লগত সাঙোৰ খাই আছে বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম ৷
অপৰাধ অনুসন্ধান শাখাৰ তথ্য অনুসৰি,2000 চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে সঞ্জীৱ চাওলাৰ লণ্ডনস্থিত বাসগৃহৰ ফোনলৈ বাৰম্বাৰ ফোন কৰাৰ তথ্য পোৱা গৈছে ৷ তেওঁলোকৰ ফোনকলৰ তথ্যও অপৰাধ অনুসন্ধান শাখাৰ হাতত থকাৰ কথা ইতিমধ্যেই প্ৰকাশ কৰিছে অপৰাধ অনুসন্ধান শাখাই ৷