অসম

assam

By

Published : Aug 12, 2019, 7:15 PM IST

ETV Bharat / sports

নিৰ্বাচক হোৱাৰ ইচ্ছা ছেহৱাগৰ

ভাৰতীয় দলৰ নিৰ্বাচক হোৱাৰ আশা প্ৰকাশ কৰিছে প্ৰাক্তন ভাৰতীয় বেটছমেন বীৰেন্দৰ ছেহৱাগে ৷

নিৰ্বাচক হোৱাৰ ইচ্ছা ছেহৱাগৰ

স্পৰ্টছ ডেস্ক,12 আগষ্ট : প্ৰাক্তন ভাৰতীয় বেটছমেন বীৰেন্দৰ ছেহৱাগে ভাৰতীয় দলৰ নিৰ্বাচক হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ টুইটাৰৰ জৰিয়তে তেওঁ লিখে যে,তেওঁ এজন নিৰ্বাচক হ'ব বিচাৰে আৰু কোনে তেওঁক এই সুবিধা প্ৰদান কৰিব বুলিও প্ৰশ্ন কৰে ৷ ইয়াৰ পাছতে টুইটাৰ ব্যৱহাৰকাৰী সকলে 40 বৰ্ষীয় ছেহৱাগক ৰসাল মন্তব্য দিয়া আৰম্ভ কৰে ৷

নিৰ্বাচক হোৱাৰ ইচ্ছা ছেহৱাগৰ

এজনে প্ৰত্যুত্তৰত দায়িত্বৰ প্ৰতি অমনোযোগিতা (Conflict of interest) বিষয়টোক টানি আনি কয় যে, বি চি চি আইয়ে তেওঁৰ ওপৰতো এই জাননী জাৰি কৰিব ৷

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক বিচিচিআইয়ে দায়িত্বৰ প্ৰতি অমনোযোগিতাৰ জাননী প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পূৰ্বে তেণ্ডুলকাৰে আৰু লক্ষ্মণেও এই জাননী লাভ কৰিছিল ৷

কিছু সংখ্যক লোকে ছেহৱাগক সমৰ্থন জনোৱাও পৰিলক্ষিত হয় ৷ এজনে কয় যে,ছেহৱাগৰ দৰে এজন সঁচা অন্তৰৰ লোকে এই দায়িত্ব লাভ কৰিলে বিচিচিআই নিৰ্বাচন পেনেল ধন্য হ'ব ৷

আন এজনে কয়, তেওঁ নিৰ্বাচক হ'লে ভাৰতীয় দলে নতুন উৎসাহ-উদ্দীপনা আৰু দিশ লাভ কৰিব ৷

আৰু এজনে কয়, বিচিচিআইয়ে ছেহৱাগৰ দৰে এজন লোকক সুবিধা প্ৰদান কৰা উচিত ৷

ABOUT THE AUTHOR

...view details