স্পৰ্টছ ডেস্ক, 13 আগষ্ট : বৰষুণৰ ফলত বিধি পথালি চাউথাম্পটনত অনুষ্ঠিত হোৱা পাকিস্তান-ইংলেণ্ড মাজৰ দ্বিতীয়খন টেষ্টত ৷ বৰষুণ অহাৰ আগমুহূর্তলৈ পাঁচ উইকেটত 125 ৰান সংগ্ৰহ ৷ পাকিস্তানৰ হৈ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে আবিদ আলীয়ে ৷ আবিদ আলীয়ে 60 ৰান, ছান মাছুদে 1 ৰান, আজহাৰ আলীয়ে 20 ৰান, আছাদ ছাফিকে 5, ফাৱাদ আলম শূণ্য ৰানত পেভিলিয়নমূখী হয় ৷ বৰ্তমানে বাবৰ আজম 25 আৰু মহম্মদ ৰিজৱান 4 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷
ইংলেণ্ডৰ হৈ 2 টা উইকেট জেমছ এণ্ডাৰছনে লাভ কৰাৰ বিপৰীতে ষ্টুৱাৰ্ড ব্ৰড, ছেম ক’ৰাণ, ক্ৰিছ ৱক্ছে 1 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷