স্পৰ্টছ ডেস্ক, 11 আগষ্ট : আঁঠুৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হোৱাৰ পাছতে ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাই টুইটাৰৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰিছে ৷ দেওবাৰে বিস্ফোৰক বেটছমেন গৰাকীয়ে টুইটাৰৰ জৰিয়তে মন্তব্য কৰে যে, এইয়া তেওঁৰ বাবে এক কঠিন সিদ্ধান্ত আছিল ৷
দ্বিতীয়বাৰৰ বাবে আঁঠুৰ অস্ত্ৰোপচাৰ এক কঠিন সিদ্ধান্ত : ৰাইনা - আঁঠুৰ অস্ত্ৰোপচাৰ
আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছতে টুইটাৰৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰিছে সুৰেশ ৰাইনাই ৷ এইয়া তেওঁৰ বাবে এক কঠিন সিদ্ধান্ত আছিল বুলি মন্তব্য কৰে খেলুৱৈ গৰাকীয়ে ৷
এই বিবৃতিত তেওঁ মন্তব্য কৰে যে, অস্ত্ৰোপচাৰৰ পৰা খুব সোনকালে আৰোগ্য হৈছে আৰু ইয়াৰ বাবে তেওঁ চিকিৎসক, পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷ বহু দিনৰ পৰাই তেওঁ আঘাতৰ সমস্যাৰ সৈতে ভূগি থকাৰ লগতে 2007 চনত প্ৰথমটো আঁঠুৰ অস্ত্ৰোপচাৰ কৰিছিল বুলি মন্তব্য কৰে ৰাইনাই ৷ ইয়াৰ পাছতো নিজৰ 100 শতাংশ প্ৰয়োগ কৰি ফিল্ডত নামিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ প্ৰশিক্ষক আৰু চিকিৎসক সকলক ধন্যবাদ জ্ঞাপন কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে সুৰেশ ৰাইনাৰ অস্ত্ৰোপচাৰৰ কথা সদৰী কৰিছিল ৷ বাওঁহতীয়া বেটছমেন জন বহুদিন ধৰি ৰাষ্ট্ৰীয় দলৰ পৰা বাহিৰত আছে যদিও আইপিএলত চেন্নাই ছুপাৰ কিংছ দলৰ হৈ অংশগ্ৰহণ কৰি আহিছে ৷ 32 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে 18 খনকৈ টেষ্টত অংশগ্ৰহণ কৰাৰ লগতে 226 খন এদিনীয়াত অংশগ্ৰহণ কৰিছে ৷ 78 খনকৈ টি - 20 ত দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈ গৰাকীয়ে 1,605 ৰাণ সংগ্ৰহ কৰিছে ৷