অসম

assam

ETV Bharat / sports

দলত স্থান লাভ কৰাৰো যোগ্য নহয় ছৰফৰাজ খান : ছোয়েব আখটাৰ - অধিনায়কত্বৰ পৰা অব্যাহতি ছৰফৰাজ খানক

পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কত্বৰ পৰা অব্যাহতি পোৱাৰ পাচতে ছৰফৰাজ খান সন্দৰ্ভত মন্তব্য কৰিছে ছোয়েব আখটাৰে ৷ দলত স্থান লাভ কৰিবলৈও ছৰফৰাজ সক্ষম নহয় বুলি মন্তব্য কৰে আখটাৰে ৷

ছোয়েব আখটাৰ

By

Published : Oct 19, 2019, 2:33 PM IST

স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ : প্ৰাক্তন পাকিস্তানী বলাৰ ছোয়েব আখটাৰে শুকুৰবাৰে বৰ্তমানৰ পাকিস্তানী ক্ৰিকেটাৰ ছৰফৰাজ খান সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷ ছৰফৰাজ খানৰ অধিনায়কত্বৰ বাব খৰ্ব কৰাৰ পাচতে খেলুৱৈগৰাকীয়ে দলত স্থান পাবলৈও সক্ষম নহয় বুলি মন্তব্য কৰে ছোয়েব আখটাৰে ৷

আখটাৰে নিজৰ ইউ টিউব চেনেলৰ জৰিয়তে কয়, "ছৰফৰাজ খানৰ নিজৰ ভুলৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এয়া অন্য লোকৰ ভুল নহয়... মই লগতে ক'ব বিচাৰো যে, তেওঁক কোনেও দলত ৰাখিব নিবিচাৰে ৷ মই এতিয়াই গেৰান্টি দিব পাৰো ৷"

লগতে তেওঁ কয়, "শেহতীয়া দুবছৰৰ পৰা আমি তেওঁৰ সকাৰাত্মক চিন্তাধাৰা আৰু আক্ৰমণাত্মক বেটিং শৈলী ক'ত হেৰাই গ'ল সেয়াই লক্ষ্য কৰি আছো ৷ তেওঁ মিকী আৰ্থাৰৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অক্ষম হৈ পৰিছে ৷ তেওঁ দল নিৰ্বাচনতো অপাৰগ ৷ তেওঁ এজন ভয়াতুৰ অধিনায়ক বুলি মোৰ ভাব হয় ৷"

ছোয়েব আখটাৰ

উল্লেখ্য যে, ছৰফৰাজৰ স্থানত আজাৰ আলীক টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰাৰ লগতে বাবৰ আজমক এদিনীয়া আৰু টি-20 দলৰ অধিনায়কত্বৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

আখটাৰে আজাৰ আলী সন্দৰ্ভতো মন্তব্য কৰে, "এতিয়া আজাৰ আলী দলটোৰ অধিনায়ক ৷ দলৰ পট সলনি হ'ব যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কঠিন টেষ্ট মেচত দলটোৱে অংশগ্ৰহণ কৰিব লাগিব ৷ পাকিস্তানৰ বাবে অষ্ট্ৰেলিয়া দলটো কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব ৷"

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণত পাকিস্তান দলে তিনিখনকৈ টি-20 মেচত অংশগ্ৰহণ কৰাৰ লগতে দুখন টেষ্ট মেচত অংশ ল'ব ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details