অসম

assam

ETV Bharat / sports

চালাইভাৰ নিষেধাজ্ঞাই বলাৰৰ কৌশল বৃদ্ধি কৰিব পাৰে : জ' ৰুট - ইংলেণ্ড ক্ৰিকেটাৰ

ক্ৰিকেট বলত চালাইভা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাচতেই সাম্প্ৰতিক সময়ৰ ক্ৰিকেটাৰ আৰু পূৰ্বৰ ক্ৰিকেটাৰ সকলৰ মাজত দেখা গৈছে মত পাৰ্থক্য । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিষেধাজ্ঞা জাৰি কৰে আইচিচিয়ে ।

Saliva ban can enhance skills of bowlers: Joe Root
Saliva ban can enhance skills of bowlers: Joe Root

By

Published : May 25, 2020, 4:58 PM IST

স্পৰ্টছ ডেস্ক, ২৫ মে': COVID-১৯ ৰ পাচত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট খেলত বলাৰ তথা খেলুৱৈয়ে বলত ব্যৱহাৰ কৰিব নোৱাৰিব থুই । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে আইচিচিয়ে জাৰি কৰে এই নিষেধাজ্ঞা । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইংলেণ্ড দলৰ টেষ্ট অধিনায়ক জ' ৰুটে ।

ৰুটৰ মতে, থুঁ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা ঘটনাটো বলাৰৰ কৌশল বৃদ্ধি কৰাত সহায়ক হ'ব পাৰে । কাৰণ পিট্চৰ পৰা সহায় লাভ কৰিবলৈ বলাৰে অধিক কষ্ট কৰিব লাগিব বুলি কয় ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে ।

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য় ৰাখিয়ে অনিল কুম্বলে নেতৃত্বাধীন আইচিচিৰ ক্ৰিকেট কমিটিয়ে বলত থুঁ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ আহ্বান জনাইছিল ।

এটা ৱেবচাইটত ৰুটৰ উদ্ধৃতিৰে কোৱা হৈছে, আপোনাৰ কাষত সাধাৰণতে সহায় নথকা মানেই হৈছে আপুনি নিজৰ সঠিকতাৰ উন্নতি কৰিব লগা । এতিয়া বলাৰক মাটিৰ পৰা সহায় পাবলৈ কিছু পৃথক কৰিব লাগিব । তাৰ বাবে হয়তো অলপ বেছি প্ৰয়াসৰ দৰকাৰ হ'ব পাৰে । ক্ৰীজৰ কোণ সলনি কৰা, ডাবল ছীমৰ ব্য়ৱহাৰ কৰা, অৱশ্যে লকৰত সেইয়া সম্ভৱ নহ'ব । আনহাতে চাৰি-পাঁচ সপ্তাহৰ ভিতৰতেই আমাৰ বলাৰ সকলক নিজকে বিকশিত কৰিব লাগিব ।

পেট কামিন্সে বেট আৰু বলং মাজত সামাঞ্জস্য় বৰ্তাই ৰাখিবলৈ খেল সংৰক্ষকক বিকল্প ব্য়ৱস্থাৰ আহ্বান কৰি কৃত্ৰিম পদাৰ্থ ব্য়ৱহাৰৰো পোষকতা কৰিছিল । আনহাতে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেগী বলাৰ মাইকল হল্ডিঙে কৃত্ৰিম পদাৰ্থৰ ব্য়ৱহাৰৰ ওপৰত সন্দেহ ব্য়ক্ত কৰিছে । ইপিনে অষ্ট্ৰেলিয়ান বিশ্বখ্যাত স্পিনাৰ শ্বেন ৱাৰ্ণে বলৰ এটা ছাইড অধিক গধুৰ কৰাৰ পৰামৰ্শ দিয়ে আৰু তেতিয়া বলৰ উজ্বলতাৰ দৰকাৰ নাই বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details