অসম

assam

By

Published : Mar 28, 2020, 1:01 PM IST

ETV Bharat / sports

COVID-19ত আক্ৰান্তক সমাজৰ পৰা পৃথক নকৰিবলৈ আহ্বান শচীন তেণ্ডুলকাৰৰ

দেশৰ নাগৰিকলৈ পুনৰবাৰ সজাগ হোৱাৰ আহ্বান শচীন তেণ্ডুলকাৰৰ ৷ COVID-19ত আক্ৰান্তক সমাজৰ পৰা পৃথক নকৰিবলৈ আহ্বান ক্ৰিকেটাৰগৰাকীৰ ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ
শচীন তেণ্ডুলকাৰ

স্পৰ্টছ ডেস্ক, 28 মাৰ্চ : কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো তীব্ৰ আতংকৰ সৃষ্টি হৈ থকাৰ সময়তে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে বিভিন্ন সময়ত দেশবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনাই আহিছে ৷ এই জটিল সময়ছোৱাত সামাজিত দূৰত্বৰ প্ৰয়োজনীয়তা সম্পৰ্কতো পূৰ্বেই তেওঁ টুইটাৰৰ জৰিয়তে এক ভিডিঅ' পোষ্ট কৰিছিল ৷

শুকুৰবাৰে দেশৰ জনসাধাৰণলৈ পুনৰবাৰ অনুৰোধ জনাই মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে কয় যে, এখন দেশৰ নাগৰিক হিচাপে এই ৰোগত আক্ৰান্ত লোকৰ যত্ন লোৱাও অতি প্ৰয়োজনীয়, এনে কৰিলে তেওঁলোকে সমাজৰ পৰা পৃথক যেন অনুভৱ নকৰিব ৷

টুইটাৰৰ জৰিয়তে ভিডিঅ' পোষ্ট কৰি তেওঁ কয়, "এক দেশৰ নাগৰিক হিচাপে আমাৰ কৰ্তব্য হৈছে যে, আক্ৰান্তসকলে আমাৰ মৰম আৰু শুশ্ৰূষা লাভ কৰে ৷ ইয়াৰ ফলত তেওঁলোকে সমাজৰ পৰা পৃথক হৈ যোৱা যেন অনুভৱ নকৰিব ৷ প্ৰয়োজনীয় সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰক কিন্তু তেওঁলোকৰ মনত কষ্ট নিদিব ৷ ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে সঠিক উপায় অৱলম্বন কৰিলেহে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ'ম ৷"

শুকুৰবাৰৰ দিনটোতে প্ৰসিদ্ধ ক্ৰিকেটাৰগৰাকীয়ে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি আৰু মহাৰাষ্ট্ৰ সাহাৰ্য পুঁজিলৈ গাইপতি 25 লাখকৈ টকাৰ সাহাৰ্য আগবঢ়ায় ৷

আৰু পঢ়ক : খোজকাঢ়ি বাংগালুৰুৰ পৰা কৃষ্ণগিৰীত উপস্থিত 200 জন শ্ৰমিক

ABOUT THE AUTHOR

...view details