স্পৰ্টছ ডেস্ক, ৯ মে': কৰ'ণা ভাইৰাছৰ সময়ত দেশৰ প্ৰায় ৪,০০০ হাজাৰ দৰিদ্ৰ লোকক শচীন তেণ্ডুলকাৰ আৰ্থিক সাহাৰ্য প্ৰদান । এই সকলৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে বিএমচিৰ শিশুও । মুম্বাই স্থিতি এটা বেচৰকাৰী সংস্থাৰ জৰিয়তে এই সাহাৰ্য প্ৰদান কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
শচীনৰ এই মহান পদক্ষেপৰ পাচতেই সংগঠনটোৰ পৰা অভিনন্দন জনোৱা হয় শচীনক । সংস্থাটোৱে টুইটাৰত উল্লেখ কৰে, ধন্যবাদ শচীন, পুনৰ বাৰ প্ৰমাণিত কৰাৰ বাবে যে খেলে সহানুভূতিক উৎসাহিত কৰে । আমাৰ COVID-১৯ পূঁজিৰ বাবে আপুনি যি অৱদান দিছে, সেইটোৰে ৪০০০ হাজাৰ দৰিদ্ৰ লোকক বিত্তীয় সহায় প্ৰদান কৰিবলৈ সহায়ক হ'ব । য'ত বিএমচি স্কুলৰ শিশুও অন্তৰ্ভুক্ত হৈ আছে । আমাৰ উঠি অহা খেলুৱৈয়ে আপোনাক ধন্যবাদ দিছে, লিটিল মাষ্টাৰ ।