অসম

assam

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা জয় অনুৰ্ধ্ব 19 ভাৰতীয় দলৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুৰ্ধ্ব 19 ৰ অন্তিম এদিনীয়াত পৰাস্ত ভাৰত ৷ অন্তিমখন এদিনীয়াত 5 উইকেটেৰে পৰাজয়ৰ সন্মুখীন হয় প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটো ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলা 2-1 ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় ভাৰতে ৷

By

Published : Dec 31, 2019, 6:57 PM IST

Published : Dec 31, 2019, 6:57 PM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা জয় অনুৰ্ধ্ব 19 ভাৰতীয় দলৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা জয় অনুৰ্ধ্ব 19 ভাৰতীয় দলৰ

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখল অনুৰ্ধ্ব 19 ভাৰতীয় ক্ৰিকেট দলৰ ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলা 2-1 ব্যৱধানত জয় লাভ প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটোৰ ৷ অৱশ্যে বাফেলু পাৰ্কত অনুষ্ঠিত হোৱা অন্তিমখন মেচত ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হয় ৷ মেচখনত 5 উইকেটেৰে জয় লাভ কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৷

2-1 ব্যৱধানত শৃংখলা দখল ভাৰতৰ

ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত কেৱল 192 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰে অধিনায়ক প্ৰিয়ম গাৰ্গে ৷ এই লক্ষ্য দক্ষিণ আফ্ৰিকাই 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ জনাথন বাৰ্ডে অপৰাজিত 88 ৰান সংগ্ৰহ কৰে ৷

ABOUT THE AUTHOR

...view details