অসম

assam

আজিৰ পৰা শুভাৰম্ভণী অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপৰ

দক্ষিণ আফ্ৰিকাৰ ভূমিত আজিৰ পৰা আৰম্ভ হ’ব অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপৰ শুভাৰম্ভণী ৷ উদ্বোধনী মেচত আয়োজক দেশ দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব আফগানিস্তান ৷

By

Published : Jan 17, 2020, 2:10 PM IST

Published : Jan 17, 2020, 2:10 PM IST

অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপ
অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপ

স্পৰ্টছ ডেস্ক, 17 জানুৱাৰীঃদক্ষিণ আফ্ৰিকাত আজিৰ পৰা আৰম্ভ হ’ব 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ৷ 17 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ যৱনিকা পৰিব অহা 9 ফ্ৰেব্ৰুৱাৰীত ৷ প্ৰিয়ম গাৰ্গৰ নেতৃত্বত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ অক্ষুণ্ণ ৰখাৰ মনোবৃত্তিৰে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷ চাৰিবাৰৰ বিশ্বচেম্পিয়ন ভাৰতীয় দলটোৱে নিজৰ প্ৰথমখন মেচত মুখামুখি হ’ব শ্ৰীলংকাৰ বিৰুদ্ধে ৷

অনুৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপ 2020

উল্লেখ্য যে, ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছে 2020 বৰ্ষৰ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ৷ য’ত 16 খন দেশে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ প্ৰতিটো দলক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ৷ ‘গ্ৰুপ এ’ ত ভাৰতীয় দলটোৰ লগতে আছে জাপান, নিউজিলেণ্ড আৰু শ্ৰীলংকা ৷

  • ‘গ্ৰুপ এ’- ভাৰত, জাপান, নিউজিলেণ্ড, শ্ৰীলংকা
  • ‘গ্ৰুপ বি’- অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নাইজেৰীয়া
  • ‘গ্ৰুপ চি’- বাংলাদেশ, পাকিস্তান, স্কটলেণ্ড, জিম্বাবৱে
  • ‘গ্ৰুপ ডি’- আফগানিস্তান, কানাডা, দক্ষিণ আফ্ৰিকা, সংযুক্ত আৰব আমিৰেট

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details