অসম

assam

ETV Bharat / sports

RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ - ৰাজস্থান বনাম চেন্নাই মেচ প্ৰিভিউ

অপ্ৰত্যাশিত অভিলেখৰ গৰাকী হ'ল লুংগি এনগিডী ৷ 30 ৰাণ প্ৰদান কৰি আইপিএলৰ ইতিহাসৰ চূড়ান্ত অ'ভাৰত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয় লুংগি এনগিডী ৷

আইপিএল 2020
RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

By

Published : Sep 23, 2020, 10:50 AM IST

Updated : Sep 23, 2020, 12:41 PM IST

স্পৰ্টছ ডেস্ক, 23 ছেপ্তেম্বৰ : 13 সংখ্যক আইপিএলত এখন মেচত সৰ্বাধিক ৰাণ খৰছ কৰি অপ্ৰত্যাশিত অভিলেখ স্থাপন কৰিলে লুংগি এনগিডীয়ে ৷ চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত মঙলবাৰে অনুষ্ঠিত মেচত এনে অনাকাংক্ষিত অভিলেখৰ গৰাকী হয় দক্ষিণ আফ্ৰিকাৰ বলাৰগৰাকী ৷ অন্তিম অ'ভাৰত সঞ্জু ছেমচনৰ লগতে জফ্ৰা আৰ্চাৰে লুংগি এনগিডীৰ বলত ছয় কোবায় ৷

RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ

30 ৰাণ প্ৰদান কৰি আইপিএলৰ ইতিহাসৰ চূড়ান্ত অ'ভাৰত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয় লুংগি এনগিডী ৷ জফ্ৰা আৰ্চাৰে লুংগি এনগিডীক অন্তিমটো অ'ভাৰত একেৰাহে চাৰিটাকৈ ছয় কোবায় ৷ এই চাৰিটা ছয়ৰ দুটা ন' বলত আছিল ৷ ইয়াৰ ফলত বলাৰগৰাকীয়ে প্ৰথম দুটা বৈধ বলতে খৰছ কৰিছিল 26 ৰাণ ৷

চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত মেচত চেন্নাই চুপাৰ কিংছক 16 ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে ৷

লগতে পঢ়ক :আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

Last Updated : Sep 23, 2020, 12:41 PM IST

ABOUT THE AUTHOR

...view details