স্পৰ্টছ ডেস্ক, 24 জানুৱাৰীঃ আজি অকলেণ্ডত নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল পাঁচখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন টি-20 মেচ ৷ নিউজিলেণ্ডৰ 203 ৰানৰ বিশাল স্কৰৰ পাচতো ভাৰতৰ 6 উইকেটৰ ৰোমাঞ্চকৰ জয় লাভ ৷ ইয়াৰ পাচতেই সংবাদমেল সম্বোধন কৰি ভাৰতীয় দ্ৰুতবেগী বলাৰ জছপ্ৰীত বোমৰাহৰ প্ৰশংসাত পঞ্চমূখ হৈ পৰে ৰছ টেইলৰ ৷
চূড়ান্ত অভাৰৰ সৰ্বশ্ৰেষ্ঠ বলাৰ জছপ্ৰীত বোমৰাহঃ টেইলৰ - জছপ্ৰীত বোমৰাহৰ প্ৰশংসাত পঞ্চমুখ ৰছ টেইলৰ
নিউজিলেণ্ড আৰু ভাৰতৰ মাজৰ প্ৰথমখন টি-20 মেচৰ পাচতেই জছপ্ৰীত বোমৰাহৰ প্ৰশংসাত পঞ্চমুখ ৰছ টেইলৰ ৷ মেচৰ পাচত সংবাদমেলত চূড়ান্ত অভাৰৰ সৰ্বশ্ৰেষ্ঠ বলাৰ আখ্যা বোমৰাহক ৷
নিউজিলেণ্ডৰ বিস্ফোৰক খেলুৱৈগৰাকীয়ে মেচখনত সুন্দৰ বল কৰা জছপ্ৰীত বোমৰাহক চূড়ান্ত অভাৰৰ সৰ্বশ্ৰেষ্ট বলাৰ আখ্যা দিয়ে ৷ উল্লেখ্য যে, বোমৰাহৰ অনুশাসন মূলক বলিঙৰ বাবেই 220 ৰানৰ পৰিৱৰ্তে 203 ৰানৰ স্ক’ৰতেই সিমিত থাকিবলগীয়া হয় নিউজিলেণ্ড দলটো ৷ বোমৰাহে মেচখনত 4 অভাৰত 31 ৰান খৰচ কৰি 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷
টেইলৰে কয়, দীৰ্ঘ সময়ৰ পৰা এজন সুদক্ষ বলাৰ হৈছে বোমৰাহ ৷ বৰ্তমান সময়ত চূড়ান্ত অভাৰৰ সৰ্বশ্ৰেষ্ঠ বলাৰ হৈছে বোমৰাহ ৷ বোমৰাহৰ বলিঙত গতি থকাৰ লগতে সুন্দৰ শ্ল’ (লেহেমীয়া) বল কৰাৰো ক্ষমতা আছে ৷ যাৰ বাবে বেটিং কৰাৰ সময়ত অতি কমৰ ভিতৰত তেওঁৰ বলিং এক্সন অধ্যয়ন কৰিবলগীয়া হয় ৷