স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰঃনিউজিলেণ্ডৰ ছেড্ডন পাৰ্কৰ হেমিল্টনত অনুষ্ঠিত হৈ আছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ৷ নিউজিলেণ্ডৰ প্ৰথম ইনিংছৰ 375ৰানৰ প্ৰত্যুত্তৰত তৃতীয় দিনৰ খেলৰ অন্তত ইংলেণ্ডে5 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে269ৰান ৷ ইংলেণ্ডৰ হৈ ৰ’ৰী বাৰ্ণছে আৰু জু ৰুটে শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷
বাৰ্ণছে 101ৰান কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে 114 ৰান কৰি ক্ৰীজত বৰ্তি আছে অধিনায়ক ৰুট ৷ জু ৰুটে কেৰিয়াৰৰ 17 সংখ্যক টেষ্ট শতক সম্পূৰ্ণ কৰাৰ বিপৰীতে ষষ্ঠ সংখ্যক শতক অৰ্জন কৰে ৰ’ৰী বাৰ্ণছে ৷ নিউজিলেণ্ডে দুটাকৈ সুযোগ হেৰুৱাৰ পৰিণতিৰ ফলতে শতক অৰ্জন কৰিবলৈ সফল হয় বাৰ্ণছে ৷ নিউজিলেণ্ডৰ হৈ টিম ছাউদীয়ে 2 টা, মেট হেনৰী আৰু নেইল ৱাংগাৰে 1 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ৷