অসম

assam

ETV Bharat / sports

গ্ৰেটা থানবাৰ্গক প্ৰশংসা ৰোহিত শৰ্মাৰ,'প্ৰেৰণা' আখ্যা

ছুইডেনৰ পৰিৱেশ কৰ্মী গ্ৰেটা থানবাৰ্গক প্ৰশংসা আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিৱেশনত অংশগ্ৰহণ কৰি আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰি চ'ছিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰাৰ পাছতে ৰোহিতে প্ৰশংসা আগবঢ়াই কিশোৰীগৰাকীক ৷

By

Published : Sep 24, 2019, 3:05 PM IST

ৰোহিত শৰ্মা আৰু গ্ৰেটা থানবাৰ্গ

স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ : ছুইডেনৰ পৰিৱেশ কৰ্মী গ্ৰেটা থানবাৰ্গক প্ৰশংসা আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিৱেশনত অংশগ্ৰহণ কৰি আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰি চ'ছিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰাৰ পাছতে ৰোহিতে প্ৰশংসা কৰে কিশোৰীগৰাকীক ৷

টুইটাৰৰ জৰিয়তে ৰোহিতে জনাই, "আমাৰ শিশুসকললৈ পৃথিৱীখন সুৰক্ষিত কৰাৰ দায়িত্ব এৰি থৈ যোৱাটো অনুচিত ৷ গ্ৰেটা থানবাৰ্গ এগৰাকী অনুপ্ৰেৰণা ৷ এতিয়া আমি কোনো চেলু উলিওৱা উচিত নহয় ৷ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত পৃথিৱী ৰাখি থৈ যোৱা উচিত ৷ এয়াই পৰিৱৰ্তনৰ সময় ৷"

উল্লেখ্য যে,16 বৰ্ষীয় থানবাৰ্গে জলবায়ু পৰিৱৰ্তন বিষয়ত সকলোকে সজাগ কৰিবৰ বাবে এবছৰ শিক্ষাৰ পৰা বিৰতি গ্ৰহণ কৰিছিল ৷ জলবায়ু পৰিৱৰ্তনৰ যুৱ আন্দোলনত অংশগ্ৰহণ কৰি সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰা থানবাৰ্গে এইদৰে তেওঁৰ বক্তৃতাৰ আৰম্ভণি কৰে, "সকলোলৈ মোৰ বাৰ্তাটো হৈছে যে,আমি সকলোৰে ওপৰত দৃষ্টি নিক্ষেপ কৰি আছো ৷" লগতে তেওঁ কয়,"মই বৰ্তমান ইয়াত উপস্থিত থাকিব নালাগিছিল ৷ মহাসাগৰৰ সিপাৰে মই মোৰ বিদ্যালয়ত উপস্থিত থাকিব লাগিছিল ৷ কিন্তু আপোনালোকে আমাৰ দৰে চেমনীয়াসকলৰ ওপৰত আশা কৰি আহিবলগা হৈছে ৷ সকলোৱে এই সাহস কেনেকৈ কৰিলে ?"

থানবাৰ্গে 2018 চনৰ আগষ্ট মাহৰ পৰা ছুইডেনৰ সংসদৰ বাহিৰত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে ৷ আনহাতে,ৰাষ্ট্ৰসংঘৰ মুখ্য সচিব এন্টনিঅ' গুটেৰেছৰ নেতৃত্বত জলবায়ু পৰিৱৰ্তন অধিৱেশন আয়োজন কৰা হৈছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details