অসম

assam

ETV Bharat / sports

ৱাৰ্ণাৰ আৰু স্মিথৰ উপস্থিতিত অষ্ট্ৰেলিয়া ভ্ৰমণ পৃথক হ'ব : ৰোহিত শৰ্মা

ৱাৰ্ণাৰ আৰু স্মিথৰ উপস্থিতিত অষ্ট্ৰেলিয়া ভ্ৰমণ পৃথক হ'ব বুলি মন্তব্য ৰোহিত শৰ্মাৰ ৷ অপেনিঙত প্ৰত্যাহ্বান থাকিলেও ইয়াৰ বাবে নিজক সাজু কৰি ৰখা বুলি মন্তব্য ৰোহিতৰ ৷

সহ-অধিনায়ক
ৰোহিত শৰ্মা

By

Published : Apr 23, 2020, 12:24 AM IST

স্পৰ্টছ ডেস্ক, 22 এপ্ৰিল : সীমিত অভাৰৰ ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই বিশ্বাস কৰে যে, ডেভিদ ৱাৰ্ণাৰ আৰু ষ্টিভ স্মিথৰ উপস্থিতিত অষ্ট্ৰেলিয়াত এই বছৰৰ শেষভাগত অনুষ্ঠিত হ'বলগা ছিৰিজটো তেওঁৰ দলৰ বাবে পৃথক হ'ব ৷

উল্লেখ্য় যে, 2018-19 চনৰ ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট ছিৰিজত ভাৰতে 2-1 ব্যৱধানত জয় লাভ কৰিছিল ৷ 71 বছৰীয়া ভ্ৰমণ ইতিহাসত ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট ছিৰিজত জয়লাভ কৰিছিল যদিও সেই সময়ত অষ্ট্ৰেলিয়া দলত ৱাৰ্ণাৰ আৰু স্মিথ নাছিল ৷ সেই সময়ছোৱাত দলৰ এই দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈয়ে বল টেম্পাৰিং কৰি এবছৰৰ বাবে নিলম্বনৰ সন্মুখীন হ'বলগা হৈছিল ৷

বুধবাৰে এক নিউজ চেনেলক ৰোহিতে কয়, "মই নিউজিলেণ্ড ছিৰিজৰ বাবে অপেক্ষা কৰি আছিলো ৷ কিন্তু, দূৰ্ভাগ্যবশত মই আঘাতৰ সমস্যাত ভূগিব লগা হ'ল ৷ সেয়েহে মই এতিয়া অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলৈ সাজু হৈ আছো ৷ অষ্ট্ৰেলিয়াতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই দুই খেলুৱৈৰ উপস্থিতিত খেল পৃথক হ'ব ৷"

তেওঁৰ মতে, অপেনিং কৰাটো এক প্ৰত্যাহ্বান ৷ তথাপিও 2018 চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰাই তেওঁ এই দায়িত্বৰ বাবে সাজু হৈ আহিছে ৷ তেওঁ কয়, "মোক কোৱা হৈছিল যে, তুমি টেষ্টতো অপেনিং কৰিব লগা হ'ব পাৰে ৷ এয়া দুই বছৰৰ আগৰ কথা ৷ তেতিয়াৰ পৰাই মই নিজক প্ৰস্তুত কৰি আছো ৷"

তেওঁ লগতে কয়, "একে সময়তে বহুলোকে এটা সুযোগৰ বাবে ৰৈ থাকে ৷ মই সদায় খেলিব বিচাৰো আৰু ড্ৰেছিং ৰুমৰ পৰা মেচ উপভোগ কৰাত একো সুখ অনুভৱ নকৰো ৷ যেতিয়াই মোলৈ সুযোগ আহে মই সাজু হৈ থাকো ৷"

যিহেতু ভাৰতীয় দলে বৰ্তমান শীৰ্ষত অৱস্থান কৰিছে সেয়েহে অষ্ট্ৰেলিয়া ছিৰিজ ৰোমাঞ্চকৰ হ'ব ৷ তেওঁ কয়, "এটা দল হিচাপে আমি বৰ্তমান শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই আছো ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ অনুষ্ঠিত হ'লে এয়া এক গুৰুত্বপূৰ্ণ ছিৰিজ হিচাপে পৰিগণিত হ'ব ৷"

উল্লেখ্য যে, ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণ অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ধাৰ্য কৰা হৈছিল যদিও কৰ'ণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ বাবে এই ছিৰিজ অনুষ্ঠিত হোৱাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details