অসম

assam

ETV Bharat / sports

পৰাজিত হৈও অভিলেখ গঢ়িলে ৰোহিতে - সৌৰভ গাংগুলী

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত এক নতুন অভিলেখ বিশ্বক্ৰিকেটত ‘হিটমেন’ নাম খ্যাত ৰোহিত শৰ্মাৰ ৷ ভংগ কৰিলে শচীন ‘তেণ্ডুলকাৰ-ব্ৰাইন লাৰা’ৰ অভিলেখ ৷

শৃংখলাত পৰাস্ত কিন্তু ৰোহিতৰ অভিলেখ

By

Published : Mar 14, 2019, 12:41 PM IST

স্পৰ্টছ ডেস্ক, 14 মাৰ্চঃবুধবাৰে দিল্লীৰ ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অন্তিমখনএদিনীয়া মেচত পৰাস্তৰে ভাৰতে শৃংখলাত পৰাজয় বৰণ কৰিলেও এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতৰ অপেনাৰ বেটছমেন ৰোহিত শৰ্মাই ৷ মেচখনত 46 ৰান সংগ্ৰহ কৰাৰ লগে লগেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত 8000 ৰান সম্পূৰ্ণ কৰে ৰোহিতে ৷ এই কৃৰ্তিমান গঢ়িবলৈ ৰোহিতৰ প্ৰয়োজন হয় 200 টা ইনিংছৰ ৷ 200 টা ইনিংছৰে দ্ৰুততম 8000 ৰান সম্পূৰ্ণ কৰা তালিকাত সৌৰভ গাংগুলীৰ সৈতে যুটীয়া ভাৱে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই ৷ বৰ্তমানে 206 খন এদিনীয়া মেচত 47.40 গড় ৰানেৰে ৰোহিতে সংগ্ৰহ কৰিছে মুঠ 8010 ৰান ৷ য'ত আছে 22 টা শতকৰ লগতে 41 টা অৰ্ধশতক ৷

ইপিনে দ্ৰুততম 8000 ৰান সম্পূৰ্ণ কৰা শীৰ্ষত 175 টা ইনিংছেৰে প্ৰথম স্থানত বিৰাট কোহলি থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে 182 টা ইনিংছৰে দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্ছ ৷ আনহাতে 8000 ৰান সম্পূৰ্ণ কৰিবলৈ ‘মাষ্টাৰ ব্লাষ্টাৰ’ শচীন তেণ্ডুলকাৰে লৈছিল 210 টা ইনিংছ ৷ এই তালিকাতে 211 টা ইনিংছেৰে ষষ্ঠ স্থানত আছে ৱেষ্ট ইণ্ডিছৰ ব্ৰাইন লাৰা ৷

বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ নিৰ্ণায়ক মেচখনত 35 ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটো ৷ মেচখনত প্ৰথমে বেটিং কৰি ভাৰতক জয়ৰ বাবে 273 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই ৷ 3-2 ব্যৱধানত এদিনীয়া শৃংখলাত পৰাস্ত হয় বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2015 চনত পৰাজয়ৰ সন্মুখীনৰ পিচত গৃহভূমিত প্ৰথমটো এদিনীয়া শৃংখলা পৰাজয় ভাৰতৰ ৷

শৃংখলা খনত প্লেয়াৰ অফ দ্য চিৰিজ আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াৰ ওছমান খুৱাজাই ৷

ABOUT THE AUTHOR

...view details