অসম

assam

By

Published : Jul 29, 2020, 3:29 PM IST

ETV Bharat / sports

ৰোহিতেই এতিয়া ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী এম এচ ধোনী: সুৰেশ ৰাইনা

ভাৰতীয় ক্ৰিকেট দলৰ অধিধায়ক হিচাপে ৰোহিত শৰ্মাই যথেষ্ঠ সফলতা লাভ কৰিছে । এই গৰাকী ক্ৰিকেটাৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানচে চতুৰ্থ ইণ্ডিয়ান প্ৰিমিয়াৰ লিগত খিতাপ অৰ্জনৰ দিশে আগুৱাই যোৱাৰ লগতে দলটোক সফল দল হিচাপে পৰিচিত কৰাৰ ওপৰিও অধিনায়ক হিচাপে ভাৰতীয় দলটোক নেতৃত্ব দি ২০১৮ৰ এচিয়া কাপ জয়ী হ'বলৈ সক্ষম হৈছিল ।

Rohit is the next M.S. Dhoni for the Indian cricket team: Suresh Raina
ৰোহিতেই এতিয়া ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী এম এচ ধোনী: সুৰেশ ৰাইনা

নিউজ ডেস্ক,২৯ জুলাই: ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বুধবাৰে দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বক অনুসৰণ কৰি আগুৱাই যোৱা সহ: অধিনায়ক ৰোহিত শৰ্মাক জনালে সমৰ্থন ।

এগৰাকী অধিনায়ক হিচাপে ৰোহিতে বহুবাৰ সফল হৈছে । ৰোহিতৰ নেতৃত্বতে মুম্বাই ইণ্ডিয়ানচে চতুৰ্থ ইণ্ডিয়ান প্ৰিমিয়াৰ লিগত খিতাপ অৰ্জনৰ দিশে আগুৱাই যোৱাৰ লগতে দলটোক এটা সফল দল হিচাপে পৰিচিত কৰাৰ ওপৰিও এগৰাকী সফল অধিনায়ক হিচাপে ভাৰতীয় দলটোক নেতৃত্ব দি ২০১৮ৰ এচিয়া কাপ জয়ী হ'বলৈ সক্ষম হৈছিল ।

ৰোহিতেই এতিয়া ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী এম এচ ধোনী: সুৰেশ ৰাইনা

দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ জে পি ডুমিনি,ভাৰতীয় মহিলা ক্ৰিকেটাৰ জেমিমাহ ৰড্ৰিক্সৰ নাম উল্লেখ কৰি ৰেইনাই কলে,ৰোহিত হৈছে বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ এম এচ ধোনী ।

তাৰোপৰি ৰেইনা এগৰাকী শান্ত প্ৰকৃতিৰ খেলুৱৈ । তেওঁ পৰামৰ্শ সমূহ আন্তৰিকতাৰে গ্ৰহণ কৰিব জানে । নেতৃত্বত থাকি দলৰ আন সকলৰ মনত আত্মবিশ্বাস দি যাবৰ বাবে অহৰহ চেষ্টা কৰে। 'এগৰাকী অধিনায়কে খেলৰ সময়চোৱাত দলটোক আত্মবিশ্বাস দি যোৱাৰ সমান্তৰালকৈ ড্ৰেচিং ৰূমৰ পৰিৱেশটোকো সুন্দৰভাৱে সন্মান জনোৱাৰ ক্ষেত্ৰত ৰোহিত পাৰ্গত।' এই দৰে ক'লে অল ৰাউণ্ডাৰ গৰাকীয়ে ।

ৰোহিতেই এতিয়া ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী এম এচ ধোনী: সুৰেশ ৰাইনা

তেওঁৰ মতে দলৰ প্ৰতিজনেই একোজনকৈ অধিনায়ক। আমি বাংলাদেশত এচিয়া কাপ অৰ্জন কৰাৰ সময়ত মই তেওঁক ভালদৰে প্ৰত্যক্ষ কৰিছো । যুৱ খেলুৱৈ চাৰ্দুল(ঠাকুৰ),ৱাশ্বিংটন সুন্দৰ আৰু (য়ুজবেন্দ্ৰ)চাহলহঁতক কিদৰে আত্মবিশ্বাস দিছিল,সেয়া মই দেখিছো । ৰোহিতৰ সোঁৱে বাঁৱে থকা প্ৰতিজন ক্ৰিকেটাৰে তেওঁৰ নেতৃত্বত খেলিবলৈ পাই অধিক উৎসাহিত হয় ।

ৰাইনাৰ মতে এনে এজন অধিনায়কৰ নেতৃত্বত হোৱা খেল এখন চাই দৰ্শকেও বহুত আনন্দ অনুভৱ কৰে । তেনে ক্ষেত্ৰত ৰোহিতেই হৈছে এম এচ ধোনীৰ পিছৰজন খেলুৱৈ । তাৰোপৰি আইপিএলত ধোনীতকৈ অধিক ট্ৰ'ফি জিকিবলৈ সক্ষম হোৱা ৰোহিত মোৰ ভাষাত ধোনীৰ সমতুল্য ।

দুয়োজনে অধিনায়ক হৈও আন সকলৰ কথা শুনিব বিচাৰে । যেতিয়া আপোনাৰ অধিনায়কজনে আপোনাৰ কথাক গুৰুত্ব দিব তেতিয়াই আপুনি সহজতে যিকোনো সমস্যা সমূহ সমাধান কৰিব পাৰিব, খেলুৱৈ সকলৰ মানসিক সমস্যা সমূহ সমাধান কৰিব পাৰিব । সেয়ে মোৰ কিতাপত দুয়োজন ক্ৰিকেটাৰ সদায়েই দুৰ্দান্ত হৈ থাকিব,কলে অল ৰাউণ্ডাৰ সুৰেশ ৰাইনাই ।

ABOUT THE AUTHOR

...view details