স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ :আজিৰ পৰা 9 নৱেম্বৰ পৰ্যন্ত শ্বাৰজাহত আৰম্ভ হ'ব মহিলা টি-20 চেলেঞ্জ ৷ এই টুৰ্ণামেন্টৰ বাবে ছুপাৰন'ভাছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে অধিৰ আগ্ৰহেৰে বাট চাই থকা বুলি জানিবলৈ দিয়ে ৷ তিনিটা দল ট্ৰেইলব্লেজাৰ, ছুপাৰন'ভাছ আৰু ভেল'চিটীৰ মাজত অনুষ্ঠিত হ'ব টুৰ্ণামেন্ট ৷ মিথালী ৰাজে ভেল'চিটী আৰু স্মৃতি মান্ধানাই ট্ৰেইলব্লেজাৰ দলক নেতৃত্ব প্ৰদান কৰিব ৷
কৌৰে এক সংবাদমেল সম্বোধনত কয়, "মই জানো যে, ক্ৰিকেটৰ পথাৰত আমি বহু সময়ৰ পাচত নামিছো; কিন্তু মই অতিকৈ উৎসাহিত যে, আমি খেলিবলৈ সুবিধা লাভ কৰিছো ৷ বিচিচিআইৰ লগতে এই টুৰ্ণামেন্ট আয়োজন কৰাৰ সৈতে জড়িত সকলোকে আমি ধন্যবাদ দিব বিচাৰো ৷"