নিউজ ডেস্ক, ১ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে শুকুৰবাৰে মন্তব্য কৰে যে দলৰ প্ৰয়োজনত তেওঁ চতুৰ্থ স্থানত বেটিং কৰিবলৈ পালে যথেষ্ট সুখী হ'ব । ২০১৯ চনৰ ৩০ মে'ৰ পৰা আৰম্ভ হ'ব লগা বিশ্বকাপ ক্ৰিকেটৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে অধিনায়কগৰাকীয়ে ।
দলে বিচাৰিলে চতুৰ্থ স্থানত বেটিং কৰিবলৈও সাজু : কোহলী - ETV BHARAT
অধিনায়ক বিৰাট কোহলীৰ মন্তব্য, দলৰ প্ৰয়োজনত চতুৰ্থ স্থানত বেটিং কৰিবলৈও সাজু । আই পি এলৰ প্ৰদৰ্শনে বিশ্বকাপৰ বিশ্বকাপৰ বাবে হ'বলগীয়া নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি জনায় কোহলীয়ে ।
VIRAT KOHLI
কোহলীয়ে লগতে জনায় যে, "মই চতুৰ্থ স্থানত বহুবাৰ বেটিং কৰিছো । যিকোনো স্থান আৰু পৰিস্থিতিতে বেটিং কৰিলেও মোৰ খেলাৰ ধৰণ কেতিয়াও সলনি নহয় ।" আই পি এলৰ প্ৰদৰ্শনে বিশ্বকাপৰ বাবে হ'বলগীয়া দলৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি খেলুৱৈগৰাকীয়ে জনায় যে আই পি এলৰ প্ৰদৰ্শনে এইক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায় ।