মুখ্য প্ৰশিক্ষকৰ দায়িত্বত বাহাল ৰবি শাস্ত্ৰী - শুকুৰবাৰে সন্ধিয়া 7 বজত ঘোষণা
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত অব্যাহত থাকিব ৰবি শাস্ত্ৰী ৷ শুকুৰবাৰে সন্ধিয়া 7 বজাত এই ঘোষণা কৰা হয় ৷
মুখ্য প্ৰশিক্ষকৰ দায়িত্বত বাহাল ৰবি শাস্ত্ৰী
স্পৰ্টছ ডেস্ক, 16 আগষ্ট : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীক ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ তিনিজনীয়া নিৰ্বাচকৰ দলে শুকুৰবাৰে সন্ধিয়া 7 বজাত এই ঘোষণা কৰে ৷ এই তিনিজনীয়া নিৰ্বাচনী কমিটিত আছিল কপিল দেৱ,অংশুমান গাইকৱাড আৰু শান্থা ৰংগস্বামী ৷ শাস্ত্ৰীৰ এই নতুন কাৰ্যকাল টি-20 বিশ্বকাপ,2021 লৈকে বৃদ্ধি কৰা হৈছে ৷