অসম

assam

ETV Bharat / sports

ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হৈছে ঘৰুৱা দল অসম আৰু ছত্তিছগড় ৷ প্ৰথম দিনৰ খেলৰ অন্তত 7 উইকেটত 276 ৰান সংগ্ৰহ ছত্তিছগড়ৰ ৷

ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়
ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়

By

Published : Jan 12, 2020, 1:24 AM IST

স্পৰ্টছ ডেস্ক,12 জানুৱাৰীঃ ৰঞ্জী ট্ৰফীৰ ৰাউণ্ড 5 ৰ গ্ৰুপ চি মেচত শনিবাৰৰ পৰা মুখামুখি হৈছে অসম আৰু ছত্তিছগড় ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জয় লাভ কৰি প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ঘৰুৱা দল অসমে ৷ ইপিনে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ছত্তিছগড় দলটোৰ হৈ ইনিংছৰ আৰম্ভণি কৰিবলৈ আহে আভনিছ ধালিৱাল আৰু শশাংক চাণ্ডেকাৰে

7 উইকেটত 276 ৰান সংগ্ৰহ ছত্তিছগড়ৰ

অৱশ্য়ে দলটোৰ হৈ সুন্দৰ আৰম্ভণি কৰাত ব্যৰ্থ হৈ দুই খেলুৱৈ ৷ দলীয় 25 ৰান স্কৰতেই অসমে লাভ কৰিবৈল সক্ষম হয় প্ৰথমটো সফলতা ৷ কেৱল পাঁচ ৰানৰ বৰঙণি দি পেভিলিয়নলৈ উভতে শশাংক চাণ্ডেকাৰ ৷ অৰূপ দাসে এলবি ডাব্লিউ আউট কৰে শশাংকক৷ ইয়াৰ পাচতে অসমে দ্বিতীয়টো আৰু তৃতীয়টো সফলতাও ছত্তিছগড়ৰ দলীয় 50 ৰানৰ ভিতৰতেই লাভ কৰিবলৈ সক্ষম হয় ৷ 24 ৰান কৰি আভনিছ ধালিৱাল আৰু 1 ৰান কৰি আশুতোষ সিংআউট হয় ৷ আভনিছ ধালিৱালক ৰঞ্জিত মালিয়ে আউট কৰাৰ বিপৰীতে অৰূপ দাসৰ বলত আউট হয় আশুতোষ ৷

ৰিয়ান পৰাগৰ বলিং

ইয়াৰ পাচত ছত্তিছগড় দলটোক স্থিৰতা প্ৰদান কৰে হাৰপ্ৰীত সিং আৰু অমনদ্বীপ খাড়েয়ে ৷ দলটোৱে নিজৰ চতুৰ্থটো উইকেট হৰপ্ৰীত সিং ৰূপে হেৰুৱাই 126 ৰানত ৷ অৰূপ দাসৰ বলত অৰ্ধশতক অৰ্জন কৰি আউট হয় অধিনায়ক হৰপ্ৰীত সিং ৷ ইপিনে শতক অৰ্জন কৰিবলৈ সক্ষম হয় অমনদ্বীপে ৷ অৱশ্যে শতক অৰ্জনৰ কিছু সময়ৰ পাচতেই 105 ৰান কৰি ৰিয়ান পৰাগৰ চিকাৰ হয় অমনদ্বীপ ৷

শতক অৰ্জন অমনদ্বীপ খাড়েৰ

দলটোৱে নিজৰ পঞ্চমটো উইকেট হেৰুৱাই 238 ৰানত ৷ ইয়াৰ পাচত দলটোৱে অতি সোনকালে আৰু দুটাকৈ উইকেট হেৰুৱাই প্ৰথম দিনটোৰ অন্তত7 উইকেটৰ বিনিময়ত276 ৰান কৰিবলৈ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়

বৰ্তমান ক্ৰীজত অপৰাজিত হৈ আছে শশাংক সিং (60) আৰু সুমিত ৰুইকাৰ (4) ৷ খেলখনত অসমৰ হৈ অৰুপ দাসে 25 অভাৰত 68 ৰান দি 3 টা,ৰিয়ান পৰাগে 12 অভাৰত 44 ৰান দি 3 টা আৰু ৰঞ্জিত মালিয়ে 23 অভাৰত 65 ৰান দি 1 টাকৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details