অসম

assam

ETV Bharat / sports

ৰঞ্জী ট্ৰফীঃ শতকৰ পৰা বঞ্চিত ঋষভ, 99 ৰানত পেভিলিয়নমুখী - গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হোৱা ৰঞ্জী ট্ৰফী

দ্বিতীয় দিনৰ খেলৰ অন্তত 3 উইকেট হেৰুৱাই 209 ৰান অসমৰ ৷ 99 ৰানত সুমিত ৰুইকাৰ হাতত আউট ঋষভ ৷

Ranji Trophy Assam vs Chhattisgarh day 2
Ranji Trophy Assam vs Chhattisgarh day 2

By

Published : Jan 13, 2020, 12:49 AM IST

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃশনিবাৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হোৱা ৰঞ্জী ট্ৰফী ৰ ৰাউণ্ড 5 ৰ গ্ৰুপ চি মেচৰ দ্বিতীয় দিনা শতকৰ পৰা বঞ্চিত হ’ল অসমৰ খেলুৱৈ ঋষভ দাস ৷ অসম আৰু ছত্তিছগড়ৰ মাজত চলি থকা মেচখনত 99ৰানত সুমিত ৰুইকাৰৰ বলত কেটছ আউট হৈ পেভিলিয়নলৈ উভতিব লগা হয় অসমৰ ঋষভ দাস

দ্বিতীয় দিনৰ খেলৰ অন্তত 3 উইকেট হেৰুৱাই 209 ৰান অসমৰ

ছত্তিছগড়ৰ প্ৰথম ইনিংছৰ 318 ৰানৰ বিনিময়ত অসমে দ্বিতীয় দিনৰ খেলৰ অন্তত 3 উইকেট হেৰুৱাই 209 ৰান কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ হৈ বৰ্তমানে ক্ৰীজত বৰ্তি আছে অধিনায়ক গকুল শৰ্মা (50)আৰু ৰিয়ান পৰাগ (24)৷ অসমৰ হৈ ঋষভে 99 ৰানৰ ইনিংছ খেলাৰ লগতে শুভম মণ্ডলে 23 আৰু ৰাহুল হাজৰিকাই 1 ৰান কৰে ৷ ছত্তিছগড়ৰ প্ৰথম ইনিংছৰ বাবদ বৰ্তমানেও 109 ৰানেৰে পিচ পৰি আছে ঘৰুৱা দল অসম ৷

ৰঞ্জী ট্ৰফী: অসম বনাম ছত্তিছগড়

ইপিনে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ছত্তিছগড় দলটোৱে প্ৰথম দিনা 7 উইকেটৰ বিনিময়ত 276ৰান সংগ্ৰহ কৰাৰ পাচত দ্বিতীয় দিনা বেটিং কৰিবলৈ আহি 318ৰানত অল আউট হয় ৷ ছত্তিছগড়ৰ হৈ অমনদ্বীপ খাড়েয়ে সৰ্বাধিক 105 ৰান কৰাৰ বিপৰীতে শশাংক সিঙে 71 আৰু হাৰপ্ৰীত সিঙে 50 ৰানৰ যোগদান আগবঢ়ায় ৷ অসমৰ হৈ ৰঞ্জীত মালিয়ে সৰ্বাধিক 4 টা, ৰিয়ান পৰাগ আৰু অৰূপ দাসে 3 টাকৈ উইকেট লাভ কৰে ৷

শতকৰ পৰা বঞ্চিত ঋষভ

ABOUT THE AUTHOR

...view details