স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাৰ দ্বিশতক আৰু আজিংকা ৰাহানেৰ 115 ৰানৰ সুন্দৰ ইনিংছৰ জৰিয়তে ভাৰতে 497/9 ত প্ৰথম ইনিংছ সমাপ্ত ঘোষণা কৰিছে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয় টেষ্টৰ দ্বিতীয় দিনা 224/3 ৰ পৰা খেলিবলৈ আৰম্ভ কৰা ভাৰতীয় দলৰ হৈ ৰাহানে আৰু ৰোহিতে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷ চতুৰ্থ উইকেটৰ যুটীত ভাৰতৰ হৈ ৰাহানে আৰু ৰোহিতে 267 ৰান সংগ্ৰহ কৰে ৷
ৰাঁচী টেষ্ট : 497/9 ত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ - প্ৰথম ইনিংছত 497 ৰান সংগ্ৰহ ভাৰতৰ
ৰাঁচী টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ সংগ্ৰহ 497 ৰান ৷ 9 উইকেটৰ বিনিময়ত ৰোহিত শৰ্মাৰ দ্বি-শতক আৰু আজিংকা ৰাহানেৰ 115 ৰানৰ জৰিয়তে ভাৰতে 497 ৰান সংগ্ৰহ কৰে ৷
497/9 ত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ
ৰোহিত শৰ্মাই 28 টা চাৰি আৰু 6 টাকৈ ছয়ৰ জৰিয়তে 212 ৰান সংগ্ৰহ কৰাৰ লগতে ৰাহানেই 115 আৰু অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই 51 ৰানৰ ইনিংছ খেলে ৷
দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাডাই তিনিটা উইকেট দখল কৰাৰ লগতে লিণ্ডেই চাৰিটা উইকেট দখল কৰে ৷ আনহাতে, ডেন পিয়েড আৰু এনৰিচ নৰ্টজেই এটাকৈ উইকেট দখল কৰে ৷