অসম

assam

ETV Bharat / sports

ৰাঁচী টেষ্টক লৈ দৰ্শকৰ মাজত অনীহা ! এই পৰ্যন্ত 1500 টিকট বিক্ৰী - ধোনী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন মেচ শনিবাৰে অনুষ্ঠিত হ’ব ধোনীৰ গৃহ ভূমি ৰাঁচীত ৷ কিন্তু এই টেষ্ট মেচখনক লৈ দৰ্শকৰ মাজত দেখা গৈছে অনীহা ৷

ৰাঁচী টেষ্টক লৈ দৰ্শকৰ মাজত অনীহা ! এই পৰ্যন্ত 1500 টিকট বিক্ৰী

By

Published : Oct 18, 2019, 4:48 PM IST

স্পৰ্টছ ডেস্ক,18 অক্টোবৰঃভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ শনিবাৰে অনুষ্ঠিত হ’ব ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত ৷ কিন্তু এই মেচখনক লৈ দৰ্শকৰ মাজত নাই উৎসাহ ৷ কাৰণ এই পৰ্যন্ত মেচখনৰ বাবে বিক্ৰী হৈছে কেৱল মাত্ৰ 1500 টিকট ৷ এই কথা সদৰী কৰিছে ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এশ্ব’ছিয়েচনৰ সম্পাদক সঞ্জয় চহায়ে ৷ ষ্টেডিয়ামখনৰ দৰ্শকৰ বাবে আসনৰ ক্ষমতা হৈছে 39,000 হাজাৰ ৷ অকল দৰ্শকৰ মাজত হস্পিটেলিটী অংশৰ হে টিকটৰ চাহিদা দেখা পোৱা গৈছে বুলি উল্লেখ কৰি কয় যে মেচখনৰ নিম্নতম টিকটৰ মূল্য হৈছে 200 টকা আৰু সৰ্বাধিক টিকটৰ মূল্য হৈছে 2000 টকা ৷

ধোনী

উল্লেখ্য যে, এই মেচখনৰ বাবে মুঠ 5000 হাজাৰ টিকট পেৰা মিলিটেৰী ফৰ্ছ,আৰ্মী,স্থানীয় আৰক্ষী,নেশ্বনেল কেডেট ক্ৰপ্ছক বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details