অসম

assam

মুথিয়া মুৰলীধৰণৰ জীৱনক লৈ ছবি নিৰ্মাণ ৰানা ডাগ্গুবাটীৰ

অভিনেতা ৰাণা ডাগ্গুবাটীয়ে ক্ৰিকেটাৰ মুথিয়া মুৰলীধৰণৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰিব ৷ বৰ্তমানলৈকে নাম নিৰ্ধাৰণ নোহোৱা ছবিখনে ডিচেম্বৰ মাহত ছবিগৃহত ভুমুকি মাৰিব ৷

By

Published : Jul 30, 2019, 2:20 PM IST

Published : Jul 30, 2019, 2:20 PM IST

ৰানা ডাগ্গুবাটী

এন্টাৰটেইনমেন্ট ডেস্ক, 30 জুলাই : মঙলবাৰে অভিনেতা ৰানা ডাগ্গুবাটীয়ে শ্ৰীলংকাৰ ক্ৰিকেটাৰ মুথিয়া মুৰলীধৰণৰ জীৱনক লৈ ছবি নিৰ্মাণৰ কথা ঘোষণা কৰিছে ৷ অভিনেতা গৰাকীৰ নিজা প্ৰডাকছন হাউছ সুৰেশ প্ৰডাকছনৰ অধীনত ছবিখন নিৰ্মাণ কৰা হ'ব আৰু স্পীন তাৰকাজনৰ চৰিত্ৰত অভিনয় কৰিব বিজয় ছেঠুপাথীয়ে ৷ চিনেমাখনৰ পৰিচালকৰ দায়িত্ব পালন কৰিব এম. এছ. শ্ৰীপাঠীয়ে আৰু সহ - প্ৰযোজনা কৰিব ডাৰ মিডিয়া প্ৰাইভেট লিমিটেডে ৷ বৰ্তমানলৈকে নাম নিৰ্ধাৰণ নোহোৱা ছবিখনে ডিচেম্বৰ মাহত ছবিগৃহত ভুমুকি মাৰিব ৷

মুথিয়া মুৰলীধৰণৰ জীৱনক লৈ ছবি নিৰ্মাণ ৰানা ডাগ্গুবাটীৰ

উল্লেখ্য যে , ৰাণাৰ শেহতীয়া প্ৰযোজিত 'অহ বেবী' ছবিখনে অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ABOUT THE AUTHOR

...view details