স্পৰ্টছ ডেস্ক, 23 ডিচেম্বৰ :আইচিচি টি-20 ৰেংকিঙত তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে কে. এল. ৰাহুলে ৷ আনহাতে, এটা স্থান উন্নীত হৈ সপ্তম স্থান দখল কৰিছে অধিনায়ক বিৰাট কোহলী ৷ বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰে নতুন তালিকা ৷
এই তালিকাৰ শীৰ্ষ 10 টা স্থানত থকা একমাত্ৰ দুই ভাৰতীয় হৈছে ৰাহুল আৰু কোহলী ৷ 816 পইন্টেৰে ৰাহুল বৰ্তমান দাৱিদ মালান (915) আৰু বাবৰ আজমৰ (820)পাচত তৃতীয় স্থানত আছে ৷ আনহাতে, কোহলীৰ দখলত আছে 697 পইন্ট ৷