অসম

assam

ETV Bharat / sports

ৰাহুল দ্ৰাবিড় ক্ৰিকেটৰ সবাটোতকৈ বাধ্য ছাত্ৰঃ ভি ভি এছ লক্ষ্মণ

প্ৰাক্তন ভাৰতীয় বেটচমেন ভি ভি এচ লক্ষ্মণে ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা দ্যা ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ক বুধবাৰে প্ৰশংসাৰে উপচায় পেলায় । তেওঁ দ্ৰাবিড়ক ক্ৰিকেটৰ একান্ত বাধ্য ছাত্ৰ বুলি অৱগত কৰে ।

ভি ভি এছ লক্ষ্মণ
ভি ভি এছ লক্ষ্মণ

By

Published : Jun 3, 2020, 9:35 PM IST

নিউজ ডেস্ক, 3 জুনঃ প্ৰাক্তন ভাৰতী খেলুৱৈ ভি ভি এছ লক্ষ্মণে বুধবাৰে প্ৰশংসাৰে উপচায় পেলাই ৰাহুল দ্ৰাবিড়ক । দ্ৰাবিড়ৰ সৈতে খেলাৰ সময়ৰে ফটো এখন আপলোড দি লক্ষ্মণে লিখে যে,দ্ৰাবিড় ক্ৰিকেটৰ একান্ত বাধ্য ছাত্ৰ । দ্ৰাবিড়ে কেৱল নিজৰ উইকেট ৰক্ষা কৰাই নহয়,অত্যন্ত নিষ্ঠাৰেও বেটিং কৰিছিল ।

ভি ভি এছ লক্ষ্মণ-ৰাহুল দ্ৰাবিড়

দ্ৰাবিড়ে একমাত্ৰ খেলুৱৈ,যিয়ে দুবাৰকৈ 300 ৰানৰ যুটি বান্ধিছিল। তেওঁ 164 খন টেষ্ট,344 খন এদিনীয়া আৰু এখন আন্তঃৰাষ্ট্ৰীয় t-20 খেল খেলিছে । 2012 চনত দ্ৰাবিড়ে ক্ৰিকেটৰ পৰা সন্ন্যাস লৈছিল ।

তাৰ পাচতেই তেওঁ 19 বছৰ অনুৰ্ধ্ব দলৰ প্ৰশিক্ষক আৰু পাচলৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰধান হিচাপে নিয়োজিত হৈছে ।

লগতে চাওকঃ মৰ্মান্তিকঃ বকোত বান বিধ্বস্ত খেতি দেখি কৃষকৰ মৃত্যু

ABOUT THE AUTHOR

...view details