স্পৰ্টছ ডেস্ক, ১৩ এপ্ৰিলঃ ক্ৰীড়াপথৰাৰ পৰা বহু সময় ধৰি আঁতৰি থকা ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীক লৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া । আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ অবিহনে আগন্তুক টি-২০ বিশ্বকাপত ধোনীৰ স্থান অনিশ্চিত বুলি উল্লেখ কৰে গম্ভীৰে ।
গম্ভীৰে এটা টেলিভিছন শ্ব'ত কয় যে, যদি এই বৰ্ষত আইপিএল অনুষ্ঠিত নহয় তেন্তে ধোনীৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো কঠিন হৈ পৰিব । কাৰণ কি ভিত্তিত ধোনীক দলত স্থান দিয়া হ'ব । কাৰণ প্ৰায় এক, ডেৰ বছৰে ক্ৰিকেটৰ পৰা আঁতৰি আছে ধোনী ।