অসম

assam

ETV Bharat / sports

হেম্পছায়াৰত যোগদান আজিংকা ৰাহানেৰ

ভাৰতীয় ক্ৰিকেটাৰ তথা টেষ্ট দলৰ ভাৰপ্ৰাপ্ত অধিনায়ক আজিংকা ৰাহানেই বিদেশী খেলুৱৈ হিচাপে হেম্পছায়াৰ দলত যোগদান কৰিছে । হেম্পছায়াৰ দলৰ হৈ প্ৰথম ভাৰতীয় হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 30 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে ।

By

Published : Apr 26, 2019, 1:18 PM IST

RAHANE JOINS HAMPSHIRE

নিউজ ডেস্ক, 26 এপ্ৰিল: ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ ভাৰপ্ৰাপ্ত অধিনায়ক আজিংকা ৰাহানেই কাউন্ট্ৰী চেম্পিয়নশ্বিপৰ বাবে হেম্পছায়াৰ দলত যোগদান কৰিছে । ইএছপিএন ক্ৰিক ইনফোৰ ৰিপোৰ্টত বৃহস্পতিবাৰে হেম্পছায়াৰ দলে বিদেশী খেলুৱৈ হিচাপে ৰাহানেৰ যোগদানৰ কথা সদৰী কৰে । হেম্পছায়াৰ দলৰ হৈ প্ৰথম ভাৰতীয় হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 30 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে । তেওঁ দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰক্ৰামৰ পৰিৱৰ্তে দলটোত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, এই প্ৰতিযোগিতা হৈছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বৰ্ডৰ দ্বাৰা আয়োজিত শীৰ্ষ পৰ্যায়ৰ ঘৰুৱা ক্ৰিকেট । সৰ্বমুঠ 18 টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন এপ্ৰিলৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব ।

AJINKYA RAHANE

এই সন্দৰ্ভত খেলুৱৈগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, তেওঁ হেম্পছায়াৰৰ হৈ অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত । তেওঁ লগতে কয় যে, এই প্ৰতিযোগিতাত ৰাণ সংগ্ৰহ কৰাৰ লগতে দলৰ হৈ জয়ী হোৱাৰ চেষ্টা চলাব আৰু ভাৰতীয় ক্ৰিকেট বৰ্ডে তেওঁক খেলিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে ধন্যবাদো জনায় । উল্লেখ্য যে, ৰাহানেই ভাৰতীয় দলৰ হৈ 56 খন টেষ্ট মেচ আৰু 90 খন এদিনীয়াত অংশগ্ৰহণ কৰিছে । টেষ্ট ক্ৰিকেটত 3,488 ৰাণ সংগ্ৰহ কৰা খেলুৱৈগৰাকীৰ নামত আছে 9 টাকৈ শতক আৰু 17 টা অৰ্ধশতক ।

ABOUT THE AUTHOR

...view details