স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে বুধবাৰে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব হেমিল্টনত ৷ ভাৰতৰ বাবে মুখ্য চিন্তাৰ কাৰণ হৈছে খেলুৱৈৰ আঘাত ৷ ইতিমধ্য়ে ৰোহিত শৰ্মাৰ ভৰিৰ আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা ৷ ইপিনে শিখৰ ধাৱানো আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰত আছে ৷ যাৰ বাবে শিখৰ ধাৱানৰ স্থানত অন্তিম একাদশত স্থান দিয়া হ’ব পৃথ্বী শ্ব’ক ৷ এই কথা সদৰী কৰিছে বিৰাট কোহলিয়ে ৷ ইয়াৰ লগে-লগে নিউজিলেণ্ডৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিব প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ৷
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অভিষেক কৰিব পৃথ্বী শ্ব’ইঃ বিৰাট কোহলি
আঘাতপ্ৰাপ্ত শিখৰ ধাৱানৰ সলনি দলত স্থান দিয়া হ’ব পৃথ্বী শ্ব’ক ৷ পোন প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অভিষেক ঘটিব পৃথ্বী শ্ব’ৰ ৷
কোহলিয়ে সংবাদ মাধ্যমত উল্লেখ কৰি কয়, নিউজিলেণ্ড শৃংখলাৰ পৰা ৰোহিত বাহিৰ হোৱাটো দুৰ্ভাগ্যজনক ৷ গতিকে এদিনীয়া শৃংখলাটোত ৰোহিতৰ স্থানত ময়ংক আগৰৱাল আৰু শিখৰৰ স্থানত পৃথ্বী শ্ব’ক অন্তিম একাদশত স্থান দিয়া হ’ব ৷ ইপিনে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত উইকেটকীপিঙৰ লগতে মধ্যক্ৰমত বেটিং কৰিব কে.এল ৰাহুলে ৷
উল্লেখ্য যে, সুদীৰ্ঘ এবছৰৰ পাচত ভাৰতীয় ৰাষ্ট্ৰীয় দলত প্ৰত্যাৱৰ্তন কৰিব পৃথ্বী শ্ব’ই ৷ শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অক্টোবৰৰ 2018 বৰ্ষত টেষ্ট মেচত অৱতীৰ্ণ হৈছিল শ্ব’ ৷ শ্ব’ৰ নামত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত আছে 237 ৰান ৷ য’ত আছে এটা শতক থকাৰ লগতে আছে এটা অৰ্ধশতক ৷ ইপিনে টেষ্ট ক্ৰিকেটটো ৰোহিতৰ স্থানত পৃথ্বী শ্ব’ক খেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷