স্পৰ্টছ ডেস্ক, 21 জানুৱাৰী : প্ৰাক্তন ভাৰতীয় পেচাৰ প্ৰবীণ কুমাৰে ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিতে বৃহৎ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও কেৰিয়াৰ দীৰ্ঘস্থায়ী কৰিবলৈ সক্ষম নহ'ল ৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2008 চনত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক এদিনীয়া শৃংখলাত জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল প্ৰবীণ কুমাৰে৷ PK' নামেৰে পৰিচিত ক্ৰিকেটাৰ গৰাকীয়ে এই শৃংখলাৰ পাচতে চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷
ভাৰতীয় দলৰ খেলুৱৈৰ সৈতে প্ৰবীণ কুমাৰ কিন্তু ইয়াৰ পাচতে তেওঁৰ কেৰিয়াৰত অৱনতি ঘটিল ৷ ভূৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ আৰু উমেশ যাদৱৰ দৰে খেলুৱৈৰ উত্থান হোৱাত আৰু আঘাতৰ লগতে বিভিন্ন অনুশাসনমূলক বিষয়ৰ সৈতে যুঁজি থকা খেলুৱৈ গৰাকীয়ে জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷
জাতীয় দলৰ পোছাকত অন্তিমবাৰৰ বাবে 2012 চনত দেখা পোৱা খেলুৱৈ গৰাকীয়ে অৱশেষত 2018 চনত অৱসৰ ঘোষণা কৰে ৷
এই সময়তে প্ৰবীণ কুমাৰে নিজৰ প্ৰাণ লোৱাৰ চেষ্টা কৰিছিল ৷ এখন দৈনিক বাতৰিকাকতক প্ৰদান কৰা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে ৷ হৰিদ্বাৰৰ এক ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ পিষ্টলেৰে আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল প্ৰবীণ কুমাৰে ৷
তেওঁ কয়, "মই নিজকে কৈছিলো, কি কৰি আছো ? এইবোৰ শেষ কৰি পেলাওঁ ৷" ইয়াৰ পাচতে নিজৰ গাড়ীত ৰাখি থোৱা সন্তানৰ হাঁহি থকা মুখ কেইখনত তেওঁৰ চকু পৰিল ৷
"মই বুজি পালো যে মোৰ নিৰ্দোষী সন্তান কেইটাৰ সৈতে মই এয়া কৰিব নোৱাৰো ৷ সেয়েহে মই ঘূৰি আহিলো ৷"
সুৰাপান কৰা সম্পৰ্কটো কুমাৰে মুখ খুলিলে :
বহু ক্ৰিকেট বিশেষজ্ঞই মন্তব্য কৰিছিল যে, কুমাৰৰ কেৰিয়াৰৰ পতনৰ অন্যতম কাৰণ আছিল সুৰাপান ৷ কিন্তু এই সম্পৰ্কত ক্ৰিকেটাৰ গৰাকীয় কয় যে, তেওঁৰ সুৰাপান কৰাৰ অভ্যাস আছে যদিও ইয়াৰ বাবে ক্ৰিকেট কেৰিয়াৰৰ পতন হোৱা নাই ৷ এই বিষয়টো মিছাতে টানি অনা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷
তেওঁ কয়, "মোক কওঁক কোনে সুৰাপান নকৰে ৷ সকলোৱে এই কথাটো বিয়পালে, নাজানো কিয় ৷ মই কৰা ভাল কথাবোৰৰ কথা কোনেও নকয় ৷ মই সৰু ল'ৰা-ছোৱালীৰ পৃষ্ঠপোষকতা কৰো, 10 গৰাকী ছোৱালীৰ বিবাহ আয়োজন কৰিছো, ক্ৰিকেটাৰ সকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰো৷ ভাৰতত কোনো বিষয়ত এটা ধাৰণা বনাই লোৱা যায় ৷ এনেদৰে মোৰ ওপৰতো এটা ধাৰণা বনাই লোৱা হ'ল ৷ ইয়াৰ পাচত সেই ধাৰণাটো কোনেও ধৰি ৰাখিব নোৱাৰে ৷"
প্ৰবীণ কুমাৰৰ ক্ৰিকেট কেৰিয়াৰ প্ৰবীণে ফাদিল কৰে যে তেওঁ আংশিকভাৱে দৃষ্টিহীন :
প্ৰবীণে এই কথাও ফাদিল কৰে যে, ভাৰতীয় দলৰ হৈ খেলি থকাৰ সময়তো তেওঁ আংশিকভাৱে দৃষ্টিহীন আছিল ৷ ভাৰতৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই এই সম্পৰ্কে জানে বুলি মন্তব্য কৰে কুমাৰে ৷
তেওঁ কয়, "মোৰ সোঁ চকুৰে ভালদৰে দেখা নাপাওঁ ৷ জুনিয়ৰ ক্ৰিকেট খেলাৰ সময়ত মই চকুত আঘাত পাইছিলো ৷ দিল্লীৰ এখন হাস্পাতালত চিকিৎসাও কৰিছিলো ৷ চিকিৎসকে জনাইছিল যে, চকুৰ প্ৰত্যাৰোপন কৰা হ'ব যদিও সোঁ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিব নে নাই এই সম্পৰ্কে গেৰান্টি দিব নোৱাৰে, হয়তু বেয়াহে হ'ব পাৰে৷"
লগতে কয় যে, বল দেখি নোপোৱাৰ বাবেই তেওঁ বহুবাৰ বেটিং কৰাৰ সময়ত আউট হ'বলগা হৈছিল ৷
উল্লেখ্য যে, কুমাৰে ভাৰতৰ হৈ 68 খন এদিনীয়াত অংশগ্ৰহণ কৰাৰ লগতে 77 টা উইকেট দখল কৰিছিল ৷ তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আছিল 31 ৰাণত 4 উইকেট ৷ 6 খন টেষ্টত অংশগ্ৰহণ কৰা বলাৰ গৰাকীয়ে সংগ্ৰহ কৰিছিল 27 টা উইকেট ৷
প্ৰবীণ কুমাৰৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰ আৰু পঢ়ক : ৰঞ্জী ট্ৰফীত মনোজ তিৱাৰীৰ ত্ৰিশতক অৰ্জন