অসম

assam

ETV Bharat / sports

পুৰুষ টি-20 বিশ্বকাপৰ স্থগিত হোৱাৰ প্ৰভাৱ মহিলা বিশ্বকাপত পৰিব পাৰে : এলিছ পেৰী - অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ এলিছ পেৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য । যদিহে চলিত বৰ্ষত হ'বলগীয়া পুৰুষ টি-20 বিশ্বকাপ স্থগিত হয় তেন্তে তাৰ প্ৰভাৱ আগন্তুক বৰ্ষত হ'বলগীয়া মহিলা বিশ্বকাপতো পৰিব পাৰে বুলি সন্দেহ ব্য়ক্ত কৰিছে খেলুৱৈগৰাকীয়ে ।

postponement of mens 2020 t20 wc could affect womens wc in 2021 believes australia star all rounder ellyse perry
postponement of mens 2020 t20 wc could affect womens wc in 2021 believes australia star all rounder ellyse perry

By

Published : Jun 20, 2020, 8:11 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ ক্ৰমাৎ অনিশ্চয়তাৰ দিশত গতি কৰিছে চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ'বলগীয়া পুৰুষ টি-20 বিশ্বকাপৰ আয়োজন । চলিত বৰ্ষৰ 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া কথা 2020 বৰ্ষৰ পুৰুষৰ টি-20 বিশ্বকাপ । কিন্তু কৰ'ণা ভাইৰাছৰ ফলতেই এই প্ৰতিযোগিতাৰ আয়োজনৰ ওপৰত নামিছে এতিয়া অমানিশা ।

পুৰুষ টি-20 বিশ্বকাপ

আনহাতে আগন্তুক বৰ্ষৰ 6 ফেব্ৰুৱাৰী পৰা 7 মাৰ্চলৈ নিউজিলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আছে মহিলাৰ এদিনীয়া বিশ্বকাপ । কিন্তু শেহতীয়া খবৰ অনুসৰি ক্ৰিকেট অষ্ট্ৰেলিয়াই এই তাৰিখ সমূহত পুৰুষৰ টি-20 বিশ্বকাপ আয়োজন কৰাৰ কথা চিন্তা কৰা বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ এক ৱেবচাইটে অষ্ট্ৰেলিয়ান মহিলা খেলুৱৈ পেৰীক উদ্ধৃত কৰি কোৱা হৈছে, এই কথাটো নিৰ্ভৰ কৰিব পুৰুষ টি-20 বিশ্বকাপ কেতিয়া আয়োজন হ'ব । ইয়াৰ প্ৰভাৱ মহিলা বিশ্বকাপত পৰিব । যদি পুৰুষ বিশ্বকাপ স্থগিত হয় তেন্তে বিশ্বস্তৰত একে সময়তে দুখন টুৰ্ণামেণ্ট আয়োজন কৰা কঠিন হ'ব ।

পেৰীয়ে লগতে কয়, এনে ধৰণৰ প্ৰতিযোগিতা একে সময়তে খেলিব পৰা নাযাব । কি ধৰণে হ'ব ইয়াক লৈ এতিয়াই কোৱা কঠিন । যেনেকৈ পৰিস্থিতি চলি আছে সেইয়া চাই বিশ্বকাপ আয়োজনৰ সম্ভাৱনা দেখা পোৱা যোৱা নাই ।

পেৰীয়ে ইয়াৰ লগতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ খালী হোৱা মুখ্য কাৰ্যবাহী পদৰ বাবে (CEO) প্ৰথমবাৰৰ কাৰণে মহিলা বিষয়াক নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছে । লগতে ইয়াৰ বাবে বহু যোগ্য় প্ৰাৰ্থী আছে বুলিও কয় খেলুৱৈগৰাকীয়ে । উল্লেখ্য় যে, 2021 বৰ্ষৰ মহিলা টি-20 বিশ্বকাপৰ আয়োজন কৰা হ'ব ভাৰতত ।

লগতে চাওকঃ গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস

ABOUT THE AUTHOR

...view details