স্পৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : বিশ্বকাপৰ লগতে ভাৰতৰ বিৰুদ্ধে 'হোৱাইট ৱাছ'ৰ সন্মুখীন হোৱাৰ বাবে ৱেষ্ট ইণ্ডিজৰ সীমিত অ'ভাৰৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে 32 বৰ্ষীয় কেইৰন পোলাৰ্ডক ৷ এদিনীয়া দলৰ অধিনায়ক জেছন হ'ল্ডাৰ আৰু টি-20 ৰ অধিনায়ক কাৰ্লোছ ব্ৰেথৱেইটৰ স্থানত পোলাৰ্ডক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷
পোলাৰ্ডক ৱেষ্ট ইণ্ডিজৰ সীমিত অ'ভাৰৰ অধিনায়ক ঘোষণা ট্ৰিনিদাদ এণ্ড ট'বেগোৰ এখন বাতৰিকাকতত লাভ কৰা তথ্য অনুসৰি, শনিবাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব'ৰ্ডৰ বহু কেইজন মুখ্য ব্যক্তিয়ে প'ৰ্ট অৱ স্পেইনত অনুষ্ঠিত বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
প্ৰতিবেদন অনুসৰি, নিৰ্বাচন কমিটিয়ে পোলাৰ্ডৰ নাম মনোনিত কৰিছিল আৰু ব'ৰ্ডৰ ছয়জনকৈ লোকে তেওঁৰ পক্ষত ভোটদান কৰে ৷
উল্লেখ্য যে, পোলাৰ্ডে 2016 চনতে শেষবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷ বিশ্বকাপ, 2019 ৰ এখনো মেচত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ নকৰা খেলুৱৈ গৰাকীয়ে সদ্যসমাপ্ত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ টি-20 মেচত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল ৷
ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ গৰাকীয়ে সৰ্বমুঠ 101 খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে 2,289 ৰান সংগ্ৰহ কৰিছে আৰু তিনিটাকৈ শতক আৰু ন টাকৈ অৰ্ধশতক অৰ্জন কৰিছে ৷ ইয়াৰোপৰি, এদিনীয়া ক্ৰিকেটত 50 টাকৈ উইকেট দখল কৰিছে পোলাৰ্ডে ৷ ইয়াৰোপৰি, 62 খন টি-20 মেচত অংশগ্ৰহণ কৰি 903 ৰান সংগ্ৰহ কৰাৰ লগতে 23 টাকৈ উইকেট দখল কৰিছে কেইৰন পোলাৰ্ডে ৷