স্পৰ্টছ ডেস্ক, 16 আগষ্ট : শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ ইয়াৰ লগে-লগে বহু অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক দিয়ে শুভেচ্ছা বাণী ৷ পিচ পৰি নৰ'ল ৰাজনৈতিক নেতা সকলো ৷
ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ধোনীৰ অৱসৰ গ্ৰহণৰ পাচতেই টুইট যোগে খেলুৱৈগৰাকীক দিয়ে শুভেচ্ছা ৷ শ্বাহে কয়, মই মিলিয়ন ক্ৰিকেট অনুৰাগীৰ সৈতে মিলিত হৈ ভাৰতীয় ক্ৰিকেটক দিয়া অনবদ্য অৱদানৰ বাবে ধোনীক ধন্যবাদ জ্ঞাপন কৰিছো ৷ তেওঁৰ শিতল স্বভাৱে বহু উষ্ম ক্ষণকো ভাৰতৰ পক্ষলৈ নিবলৈ সক্ষম হৈছে ৷ ধোনীৰ নেতত্বতেই ভাৰতে দুবাৰকৈ দুটা পৃথক ফৰ্মেটত বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ধোনীক টুইট যোগে সৰু চহৰ কোটি-কোটি যুৱপ্ৰজন্মৰ বাবে সাহসৰ প্ৰতীক বুলি উল্লেখ কৰে ৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ধোনীয়ে ভাৰতবাসীক গৌৰৱ কৰাৰ অশেষ সুযোগ প্ৰদান কৰিছে বুলি কয় ৷