স্পৰ্টছ ডেস্ক, 19 আগষ্ট :ধোনীৰ সন্ন্যাসৰ পাচতেই পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ছোয়েব আখতাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ আখতাৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধোনীৰ অৱসৰ ঘোষণা প্ৰত্যাহাৰ কৰাৰ লগতে টি-20 বিশ্বকাপত খেলাৰ বাবে অনুৰোধ কৰিব পাৰে ৷
প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে : আখতাৰ আখতাৰে ইউটিউব চেনেলত দিয়া এক মন্তব্যত উল্লেখ কৰে যে,
মই ভাবো ধোনীয়ে টি-20 বিশ্বকাপ খেলিব পাৰে ৷ যেনেদৰে ভাৰতে নিজৰ তাৰকা সকলক সন্মান কৰে, তেওঁলোকক পৰিচয় প্ৰদান কৰে, সেইয়া দেখি মই ক’ব পাৰো ধোনীক টি-20 বিশ্বকাপত অন্তৰ্ভুক্ত কৰিলে হয় ৷ কিন্তু খেলুৱৈৰো কিছু নিজা-নিজা পছন্দ থাকে ৷
আখতাৰে ইয়াৰ লগতে কয়, আকৌ এটাই কথা, ধোনীয়ে সকলো জয় কৰিবলৈ সক্ষম হৈছে ৷ ৰাঁচীৰ পৰা অহা এই খেলুৱৈগৰাকীয়ে সকলো ভাৰতীয়ক আনন্দত মতলীয়া কৰিবলৈ বাধ্য কৰোৱালে আৰু কি লাগে ৷ শেষত এইটো লক্ষ্যণীয় যে বিশ্বই আপোনাক স্মৰণ কৰিব আৰু ভাৰতৰ দৰে দেশে আপোনাক কেতিয়াও পাহৰিবলৈ নিদিয়ে ৷
আখতাৰে পুনৰ কয়,
আপুনি একো ক’ব নোৱাৰে, প্ৰধানমন্ত্ৰীয়ে হয়তো তেওঁলৈ ফোন কৰি টি-20 বিশ্বকাপ খেলাৰ অনুৰোধ কৰিব পাৰে ৷ এইয়া সম্ভৱপৰ ৷ ইমৰাণ খানকো জিয়া-উল-হকে 1987 চনৰ পাচত ক্ৰিকেট ত্যাগ নকৰিবলৈ আহ্বান জনাইছিল আৰু তাৰ পাচত তেওঁ পুনৰ ক্ৰিকেট খেলিছিল ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানক আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে ৷ মই ভাবো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ধোনীক 2021 চনৰ টি-20 বিশ্বকাপত ভাৰতৰ নেতৃত্ব বহনৰ অনুৰোধ কৰিব লাগে ৷
আনহাতে ধোনীক ফেয়াৰৱেল অথবা অন্তিম বিদায় দিয়াৰ প্ৰয়োজন বুলি কয় আখতাৰে ৷ অৱশ্যে ধোনীয়ে স্বয়ং মান্তি হয় নে নহয় সেইয়া পৃথক কথা কিন্তু ভাৰত প্ৰস্তুত হ’ব বুলি কয় আখতাৰে ৷
উল্লেখ্য যে, ধোনীয়ে যোৱা 15 আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷ ধোনী হৈছে আইচিচিৰ তিনিওটা ট্ৰফী জয় কৰা একমাত্ৰ অধিনায়ক ৷ ধোনীৰ নেতৃত্বতেই ভাৰতীয় দলটোৱে 2007 চনত টি-20 বিশ্বকাপ, 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে ধোনীৰ নেতৃত্বতেই 2010 আৰু 2016 চনত এছিয়া কাপৰ খিতাপও দখল কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ক্ৰিকেট দলটোৱে ৷
লগতে চাওক-লাভলীনা বৰগোঁহাইলৈ ‘অৰ্জুন বঁটা’