স্পৰ্টছ ডেস্ক,২৮ মাৰ্চ:আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে সফলতা অৰ্জন কৰাৰ পিছতে বিশ্বজুৰি সমাদৰ লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ মিথালী ৰাজে । ১২ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলৰ সময়তে এই ইতিহাস গঢ়িবলৈ সক্ষম হয় মিথালী ৰাজে । ইয়াৰ ঠিক দুদিন পিছতে এদিনীয়াত মুঠ ৭ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপেও মিথালী ৰাজে আন এক ইতিহাস ৰচিবলৈ সক্ষম হয় । ইয়াৰ পিছতে বহু অনুৰাগীয়ে শুভেচ্ছা জনোৱা দেখা গৈছে খেলুৱৈ গৰাকীক ।
এইবাৰ খেলুৱৈগৰাকীক বিশেষভাৱে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে ৭৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানত ভূয়ষী প্ৰশংসা কৰে ভাৰতীয় মহিলা ক্ৰিকেটাৰ গৰাকীক । খেলুৱৈ গৰাকীৰ এই অৱদান মহিলা দলটোৰ বাবে অতুলনীয় আখ্যা প্ৰধানমন্ত্ৰীৰ । দুটা দশক ধৰি ক্ৰিকেট কেৰিয়াৰত খেলুৱৈ গৰাকীয়ে বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । মোডীয়ে কয় যে তেওঁৰ এই সফলতা কেৱল মহিলাৰ বাবেই নহয় পুৰুষৰ ক্ৰিকেট দলটোৰ বাবেও অনুপ্ৰেৰণা হ'ব ।