অসম

assam

ETV Bharat / sports

টেষ্ট ক্ৰিকেট খেলাৰ বাবে টি-20 আৰু এদিনীয়াৰ প্ৰৰ্দশন ব্যাহত হয় : পাণ্ডিয়া

টেষ্ট ক্ৰিকেটকলৈ এক মন্তব্য ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ। টেষ্ট ক্ৰিকেট খেলাৰ বাবে সীমিত অভাৰৰ খেলত ব্যাহত হয় বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

By

Published : Jun 3, 2020, 5:01 PM IST

Playing Test cricket hampered my performance in ODIs and T20s: Hardik Pandya
Playing Test cricket hampered my performance in ODIs and T20s: Hardik Pandya

স্পৰ্টছ ডেস্ক, 3 জুনঃ টেষ্ট ক্ৰিকেটক লৈ ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ এক অদ্ভূত মন্তব্য় । সীমিত অভাৰ ক্ৰিকেটত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত বুলি উল্লেখ কৰি আঘাতৰ পাচত টেষ্ট ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনক লৈ সতৰ্ক তথা চিন্তিত বুলি উল্লেখ কৰে হাৰ্দিক পাণ্ডিয়াই ।

টেষ্ট ক্ৰিকেট খেলাৰ বাবে টি-20 আৰু এদিনীয়াৰ প্ৰৰ্দশন ব্যাহত হয় : পাণ্ডিয়া

উল্লেখ্য় যে, আঘাত প্ৰাপ্ত হোৱাৰ পাচৰে পৰা বিগত 2018 বৰ্ষৰ চেপ্তেম্বৰৰ পৰা টেষ্ট ক্ৰিকেটত অংশ লোৱাৰ পৰা বিৰত আছে খেলুৱৈগৰাকী । বিগত বছৰত পীঠিৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল খেলুৱৈগৰাকীৰ ।

এক ৱেবচাইট দিয়া মন্তব্যত তেওঁ কৈছে মই নিজকে বেক-ছিমাৰ হিচাপে গণ্য় কৰো । মোৰ অস্ত্ৰোপ্ৰচাৰৰ পাচত মই নাজানো এতিয়া টেষ্ট ক্ৰিকেট খেলা প্ৰত্য়াহ্বানমূলক হ'ব । যদি মই এজন টেষ্ট খেলুৱৈ হলো হয় তেন্তে সীমিত অভাৰৰ ক্ৰিকেট নেখেলিলো হয় । তেতিয়া মই টেষ্ট ক্ৰিকেটত প্ৰত্যাৱৰ্তনক লৈ বিপদ কঢ়িয়ালো হয় । কিন্তু মই সীমিত অভাৰত মোৰ গুৰুত্ব বুজি পাওঁ । এনেকৈ কেইবা বাৰু হৈছে মই টেষ্ট মেচ খেলিছো আৰু মই এদিনীয়া, টি-20 ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিবলৈ ব্য়ৰ্থ হৈছো । কাৰণ মোৰ প্লাছ পইণ্ট হৈছে মোৰ শক্তি ।

2018 চনত শেষৰ ফালে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত আঘাতৰ সন্মুখীন হৈছিল পাণ্ডিয়া । পাণ্ডিয়াই সেই সময়ত নিজৰ ক্ৰিকেট কেৰিয়াৰ অন্ত পৰিল বুলি চিন্তা কৰা বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ABOUT THE AUTHOR

...view details