স্পৰ্টছ ডেস্ক, 13 জুনঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্ক'ট ম'ৰিছনে শুকুৰবাৰে বিশ্বকাপৰ আয়োজনক লৈ সেউজ সংকেতৰ ইংগিত বহন কৰাৰ পাচতেই বিচিচিআইৰ গুৰুত্বপূৰ্ণ মন্তব্য । টি-20 বিশ্বকাপত ভাৰতে অংশগ্ৰহণ কৰিব নে নাই সেইয়া ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰিছে বিচিচিআইৰ এজন বিষয়াই ।
উল্লেখ্য় যে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে 40 হাজাৰ দৰ্শক বহি উপভোগ কৰা ষ্টেডিয়াম সমূহত 10 হাজাৰ লোকক বহুৱাব পৰা যাব বুলি এক মন্তব্য প্ৰকাশ কৰি অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপ আয়োজনৰ পৰিৱেশৰ ইংগিত দিয়ে ।
বিচিচিআইৰ এগৰাকী বিষয়াই এক সংবাদ সংস্থাক জনোৱা মতে,ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপত অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে যদিও চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰ আৰু স্বাস্থ্য বিষয়ববীয়াৰ ওপৰত বুলি উল্লেখ কৰে । কাৰণ চৰকাৰৰ প্ৰথম প্ৰাথমিকতা হ'ব খেলুৱৈৰ সুৰক্ষা ।
বিষয়াগৰাকীয়ে কয়,অষ্ট্ৰেলিয়াৰ এই সাহকিতা সিদ্ধান্ত নিশ্চিত ভাৱে অষ্ট্ৰেলিয়াত খেল আয়োজনৰ পৰিস্থিতিৰ অৱলোকনৰ পাচতেই লোৱা হৈছে । আমি টি-20 বিশ্বকাপৰ অংশীদাৰ হ'বলৈ পালে সুখী অনুভৱ কৰিম । কিন্তু বহু কেইটা দিশলৈ আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যিবোৰ স্বাস্থ্য় সম্বন্ধীয় হয় । সেই কেইটা বিষয় বিবেচনা কৰাৰ পিচত হে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যিটো বিচিচিআইৰ হাতত নাই ।