স্পৰ্টছ ডেস্ক, 25 ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত দিবা-নৈশ মেচত জয়ী ভাৰতীয় দল ৷ মেচত ভাৰতৰ সন্মুখত কেৱল 49 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ইংলেণ্ডে ৷
এই মেচত জয়েৰে ভাৰতে ছিৰিজত 2-1 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ দলৰ হৈ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মাই 25 আৰু শুভমন গীলে 15 ৰাণকৈ গঢ়ি অপৰাজিত হৈ ৰয় ৷
ইয়াৰ পূৰ্বে ইংলেণ্ডে বেটিং কৰি দ্বিতীয় ইনিংছত মাত্ৰ 81 ৰাণ গঢ়ি অল আউট হয় ৷ ফলত দলটোৱে কেৱল 48 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷