অসম

assam

By

Published : Mar 30, 2021, 8:53 AM IST

ETV Bharat / sports

ৰোড ছেফটী ছিৰিজত অংশগ্ৰহণকাৰী চতুৰ্থ ক'ভিড আক্ৰান্ত ক্ৰিকেটাৰ পাঠান

ক'ভিড আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান ৷ তেওঁৰ পূৰ্বে আক্ৰান্ত হোৱা ভাৰতীয় ক্ৰিকেটাৰ হৈছে য়ুছুফ পাঠান, শচীন তেণ্ডুলকাৰ আৰু এছ বদ্ৰীনাথ ৷

ইৰফান পাঠান
ইৰফান পাঠান

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ :প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰ ইৰফান পাঠান সোমবাৰে ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰ ফলত ৰোড ছেফটী ওৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰা চতুৰ্থ গৰাকী ক'ভিড আক্ৰান্ত ক্ৰিকেটাৰ হৈ পৰিছে পাঠান ৷ ইৰফানৰ পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ য়ুছুফ পাঠান, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ আৰু এছ বদ্ৰীনাথ ক'ভিডত আক্ৰান্ত হোৱা বুলি টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে ৷

ইৰফানে টুইটাৰৰ জৰিয়তে কয়, "ক'ভিডৰ কোনো লক্ষণ নোহোৱাকৈ মই আক্ৰান্ত হৈছো আৰু বৰ্তমান কোৱাৰিন্টিনত আছো ৷ মোৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছো ৷"

তেওঁ লগতে কয়, "সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাইছো ৷ সকলোৰে সুস্বাস্থ্য কামনা কৰিলো ৷"

উল্লেখ্য যে, ৰোড ছেফটী ওৱৰ্ল্ড ছিৰিজ হৈছে এক ব্যক্তিগত টুৰ্ণামেন্ট আৰু ইয়াত বিচিচিআইৰ কোনো সন্মতি নাথাকে ৷ এই ছিৰিজত সকলো অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিছিল ৷ আটাইতকৈ দূৰ্ভাগ্যজনক আছিল যে, যি সময়ত বিচিচিআইয়ে ভাৰত-ইংলেণ্ড ছিৰিজৰ শেষৰ মেচ কেইখনত দৰ্শকৰ উপস্থিতি বন্ধ কৰি দিছিল সেই সময়ত ৰোড ছেফটী ছিৰিজৰ আয়োজকে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰা নাছিল ৷

ইয়াৰোপৰি, দৰ্শকে মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাছিল ৷ ৰোড ছেফটী ছিৰিজৰ আয়োজকে কেনে ধৰণৰ বায়-বাবল প্ৰস্তুত কৰিছিল সেই সম্পৰ্কত বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক :ভাৰতীয় দলৰ প্ৰশংসাত পঞ্চমুখ প্ৰশিক্ষক ৰবি শাস্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details