স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰ : চলিত এছেজ টেষ্ট ছিৰিজৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কিউমিনছ ৷ চলিত এছেজ ছিৰিজত সৰ্বাধিক 29 টাকৈ উইকেট দখল কৰিছে পেট কিউমিনছে ৷ 26 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে পঞ্চম তথা অন্তিম টেষ্টৰ প্ৰথম ইনিংছত তিনিটাকৈ উইকেট দখল কৰাৰ লগতে দ্বিতীয় ইনিংছত 2 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷
এছেজৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত পেট কিউমিনছ - অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কিউমিনছ
চলিত এছেজ টেষ্ট ছিৰিজৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কিউমিনছ ৷ চলিত এছেজ ছিৰিজত সৰ্বাধিক 29 টাকৈ উইকেট দখল কৰিছে পেট কিউমিনছে ৷ 26 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে পঞ্চম তথা অন্তিম টেষ্টৰ প্ৰথম ইনিংছত তিনিটাকৈ উইকেট দখল কৰাৰ লগতে দ্বিতীয় ইনিংছত 2 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

এছেজৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত পেট কিউমিনছ
উল্লেখ্য যে, কিউমিনছে প্ৰথম টেষ্টত 7 টা, দ্বিতীয় টেষ্টত 6 টা, তৃতীয় টেষ্টত 4 টা আৰু চতুৰ্থ টেষ্টত 7 টাকৈ উইকেট দখল কৰিছিল ৷ ইয়াৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ ৱেইন ক্লাৰ্কে ভাৰতৰ বিৰুদ্ধে 1977-78 চনত গঢ়া 28 টা উইকেটৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় কিউমিনছে ৷
আইচিচি বিশ্বকাপতো কিউমিনছে মিটছেল ষ্টাকৰ্ আৰু জেছন বেহৰনডৰ্ফৰ সৈতে অষ্ট্ৰেলিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ বিশ্বকাপত কিউমিনছে 14 টাকৈ উইকেট দখল কৰাৰ লগতে ষ্টাৰ্কৰ পাছতে দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল ৷