অসম

assam

ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে দুবাৰকৈ কৰা হ'ব পাকিস্তান দলৰ কৰ'ণা টেষ্ট - ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে দুবাৰকৈ কৰা হ'ব পাকিস্তান দলৰ কৰ'ণা টেষ্ট

COVID-১৯ ৰ পাচতেই ক্ৰীড়া কাৰ্যকলাপৰ পুনৰ আৰম্ভণি ক্ৰমে আগন্তুক আগষ্ট-ছেপ্তেম্বৰ মাহত ইংলেণ্ডৰ গৃহভূমীত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু তিনিখন টি-20 শৃংখলাত অৱতীৰ্ণ হ'ব পাকিস্তান ক্ৰিকেট দল । অহা 28 জুনত এক বিশেষ বিমান যোগে ইংলেণ্ডলৈ উৰা মাৰিব পাকিস্তান দলটোৱে । কিন্তু ৰাওনা হোৱাৰ পূৰ্বে খেলুৱৈ সকলক কৰা হ'ব দুবাৰকৈ কৰ'ণা পৰীক্ষণ ।

pakistan cricket team players to be tested for covid19 before going to england
pakistan cricket team players to be tested for covid19 before going to england

By

Published : Jun 20, 2020, 5:33 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অংশগ্ৰহণ কৰাৰ বাবে অহা 28 জুনত ইংলেণ্ডলৈ ৰাওনা হ'ব পাকিস্তান ক্ৰিকেট দলটো । কিন্তু ৰাওনা হোৱাৰ পূৰ্বে তিনি দিনৰ অন্তৰালত খেলুৱৈ সকলক কৰা হ'ব দুবাৰকৈ কৰ'ণা পৰীক্ষণ ।

ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব পাকিস্তান

পিচিবিৰ এক সূত্ৰৰ মতে, প্ৰথম পৰীক্ষণ 22 জুনত কৰাৰ বিপৰীতে দ্বিতীয়টো পৰীক্ষণ সকলো খেলুৱৈ লাহোৰত একত্ৰিত হোৱাৰ পাচত 24 জুনত কৰা হ'ব । প্ৰথমটো পৰীক্ষণ খেলুৱৈ আৰু বিষয়ববীয়া সকলে নিজ নিজ চহৰতে কৰিব । দ্বিতীয়টো পৰীক্ষণ লাহোৰত উপস্থিত হোৱাৰ পাচত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা কৰা হ'ব । যদি এই পৰীক্ষণত কোনো খেলুৱৈ পজিটিভ পোৱা যায়ে তেন্তে তেওঁক ইংলেণ্ড ভ্ৰমণৰ পৰা অব্যাহতি দিয়া হ'ব । যাৰ বাবে ব'ৰ্ডে ইতিমধ্যে সংৰক্ষিত খেলুৱৈৰো নিৰ্বাচন কৰি থৈছে । এই ভ্ৰমণৰ বাবে পাকিস্তান দলে ইতিমধ্য়ে মুঠ 29 জনীয়া সদস্য়ৰ এটা দল ঘোষণা কৰিছে ।

বৰ্তমানো পাকিস্তানত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । বিগত 24 ঘণ্টাত 136 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । দেশখনত বৰ্তমানে মৃত্য়ুৰ সংখ্য়া বৃদ্ধি পাই হৈছে 3229 গৰাকী । আনহাতে আক্ৰান্তৰ সংখ্য়া 1 লাখ 65 হাজাৰতকৈ অধিক অতিক্ৰম কৰিছে ।

লগতে চাওকঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ আবেদনৰ শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details