স্পৰ্টছ ডেস্ক, 13 জুনঃচলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ 2020 ৰ আয়োজনৰ বাবে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক প্ৰস্তাৱ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ । চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত আয়োজনৰ কথা এই প্ৰতিযোগিতা । নিয়ম অনুসৰি এইবাৰ পাকিস্তানত আয়োজনৰ কথা যদিও পাকিস্তানত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পাচতেই এই প্ৰতিযোগিতা আয়োজনক লৈ নামি আহিছে অনিশ্চয়তা । যাৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এছিয়া ক্ৰিকেট পৰিষদৰ বৈঠকত শ্ৰীলংকাক এই প্ৰতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দাঙি ধৰিছে পাকিস্তানে ।
অৱশ্যে পাকিস্তানে শ্ৰীলংকাত 2022 চনত হ'বলগীয়া এছিয়া কাপৰ আয়োজনৰ প্ৰস্তাৱ শ্ৰীলংকাৰ পৰা বিচাৰিছে । আনহাতে পাকিস্তানত এই প্ৰতিযোগিতা আয়োজন হ'লেও ভাৰতীয় ক্ৰিকেট দলৰ অংশগ্ৰহণৰো সম্ভাৱনা তেনেই ক্ষীণ । অৱশ্যে এতিয়াও প্ৰতিযোগিতাখনক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ প্ৰকোপ অন্য দেশৰ তুলনাত শ্ৰীলংকাত কিছু কম । ইতিমধ্য়ে শ্ৰীলংকান খেলুৱৈ সকলে অনুশীলনো আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।