অসম

assam

আজিৰ দিনটোতেই আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছিল মুথিয়া মুৰলীধৰণে

টেষ্ট ক্ৰিকেটৰ পৰা আজিৰ দিনটোতেই বিদায় লৈছিল শ্ৰীলংকাৰ স্পীনাৰ বলাৰ মুথিয়া মুৰলীধৰণে ৷ 800 টা টেষ্ট উইকেট লাভ কৰিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিছিল শ্ৰীলংকা তথা বিশ্বৰ মহান খেলুৱৈগৰাকীয়ে ৷

By

Published : Jul 22, 2020, 5:12 PM IST

Published : Jul 22, 2020, 5:12 PM IST

on this day muttiah murlidharan took retierment from test cricket
on this day muttiah murlidharan took retierment from test cricket

স্পৰ্টছ ডেস্ক, 22 জুলাই :22 জুলাইৰ দিনটোতেই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল শ্ৰীলংকা তথা বিশ্বৰ মহান খেলুৱৈ মুথিয়া মুৰলীধৰণে ৷ টেষ্ট ক্ৰিকেটত 800 টা উইকেট গ্ৰহণ কৰা একমাত্ৰ খেলুৱৈ হৈছে মুৰলীধৰণ ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 1347 টা উইকেট লাভ কৰাৰ এক অদ্ভুত অভিলেখৰো অধিকাৰী শ্ৰীলংকান খেলুৱৈগৰাকী ৷ এদিনীয়া ক্ৰিকেটত 534 টা উইকেট থকাৰ বিপৰীতে টি-20 ক্ৰিকেটত আছে 13 টা উইকেট ৷

শ্ৰীলংকাৰ গালে ষ্টেডিয়ামত আজিৰ দিনটোতেই কিংবদন্তি খেলুৱৈগৰাকীয়ে টেষ্ট ক্ৰিকেটত 800 টা উইকেট সম্পূৰ্ণ কৰাৰ পাচতেই সন্ন্যাস ঘোষণা কৰিছিল মুৰলীধৰণে ৷ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট মেচখনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে মুৰলীধৰণৰ নামত আছিল 792 টা উইকেট ৷

মুথিয়া মুৰলীধৰণ

মেচখনত মুৰলীধৰণে প্ৰথমটো উইকেট দখল কৰিবলৈ সক্ষম হৈছিল বিশ্বৰ মহান খেলুৱৈ শচীন তেণ্ডুলকাৰৰ ৷ ইয়াৰ পাচত দুটা দিনৰ বাবে মেচখনত বৰষুণে বিধি-পথালিয়ে দেখা দিছিল ৷ কিন্তু চতুৰ্থটো দিনটোত ভাৰতৰ 12 টাকৈ উইকেটৰ পতন হয় ৷ প্ৰথম ইনিংছত মুথিয়া মুৰলীধৰণে 5 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে দ্বিতীয় ইনিংছত মুৰলীধৰণে 3 টা উইকেট লাভ কৰে ৷ 800 সংখ্যক উইকেট হিচাপে প্ৰজ্ঞান ওঝাৰ উইকেট লাভ কৰিছিল মুৰলীধৰণে ৷

লগতে চাওক-আইচিচিৰ অলৰাউণ্ডাৰ টেষ্ট ৰেংকিং : শীৰ্ষত বেন ষ্ট’কছ

ABOUT THE AUTHOR

...view details