স্পৰ্টছ ডেস্ক, 17 ফেব্ৰুৱাৰী : 2005 চনৰ 17 ফেব্ৰুৱাৰীত অকলেণ্ডত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেট ইতিহাসৰ প্ৰথমখন পুৰুষ টি-20 মেচ ৷ এই মেচতে অষ্ট্ৰেলিয়াই 5 টা উইকেট হেৰুৱাই 241 ৰাণ গঢ়িবলৈ সক্ষম হৈছিল ৷ আনহাতে, আয়োজক দল নিউজিলেণ্ডে এই বিশাল ৰাণৰ পাহাৰ অতিক্ৰম কৰিবলৈ গৈ 170 ৰাণতে সকলো উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিছিল ৷
মাত্ৰ 55 টা বলতে 98 ৰাণ সংগ্ৰহ কৰা সেই সময়ৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পন্টিঙে 98 ৰাণৰ ইনিংছ উপহাৰ দি 'মেন অৱ দা মেচ' সন্মান লাভ কৰিছিল ৷
সেই সময়ৰ পৰাই ক্ৰিকেটৰ আটাইতকৈ চুটী ফৰমেটটোৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈ আহিছে ৷
কিয় আৰু কেতিয়া ?
ক্ৰিকেটত ৰোমাঞ্চ বৃদ্ধি কৰাৰ লক্ষ্যৰে টি-20 ক্ৰিকেটৰ ধাৰণাটো অনা হৈছিল ৷ ইয়াৰোপৰি, পূৰ্বৰ দীঘলীয়া ফৰমেটৰ সলনি চুটী ফৰমেটৰ পৰিচয়ৰ জৰিয়তে এই ক্ৰীড়াবিধৰ প্ৰতি সকলোৰে ৰুচি বৃদ্ধি কৰিবৰ বাবে টি-20 ক্ৰিকেটৰ উদ্ভাৱন কৰা হৈছিল ৷
2001 চনত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ (ECB) অধ্যক্ষক টি-20 ক্ৰিকেটৰ বিষয়ে প্ৰস্তাৱ প্ৰদান কৰা প্ৰথমজন ব্যক্তিজন আছিল ব'ৰ্ডৰে মাৰ্কেটিং মেনেজাৰ ষ্টুৱাৰ্ট ৰবাৰ্টছন ৷ ইয়াৰ পাচতে 2003 চনত ক্ৰিকেটৰ চুটী ফৰমেটটো সকলোৰে আগত পৰিচিত কৰোৱা হয় ৷
2003 চনৰ 13 জুনত দুই ইংলিছ দেশৰ মাজত প্ৰথমখন অ'ফিছিয়েল টি-20 মেচ অনুষ্ঠিত কৰা হয় ৷
ইয়াৰোপৰি, 2004 চনৰ 5 আগষ্টত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত প্ৰথমখন টি-20 মেচ অনুষ্ঠিত হৈছিল আৰু এই মেচত নিউজিলেণ্ডে 9 ৰাণত জয় সাব্যস্ত কৰিছিল ৷
টি-20 ক্ৰিকেটৰ পাৰিসংখ্যিক যাত্ৰা সম্পৰ্কত এক বিশেষ প্ৰতিবেদন :
সৰ্বোচ্চ ইনিংছ :
2019 চনত ডেৰাদুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ 278/3 ৰাণ সংগ্ৰহ ৷
লক্ষ্য অনুসৰণ কৰি সৰ্ববৃহৎ জয় সাব্যস্ত কৰা ইনিংছ :
2018 চনত অকলেণ্ডত অনুষ্ঠিত মেচত 18.5 অ'ভাৰত 245/5 সংগ্ৰহ কৰি নিউজিলেণ্ডক পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই ৷
সৰ্বনিম্ন ইনিংছ :
2019 চনত 8.3 অ'ভাৰত তুৰ্কীৰ সংগ্ৰহ 21/10 ৷
বৃহৎ ব্যৱধানত জয়লাভ (ৰাণ) :
2019 চনত চেক গণৰাজ্যই তুৰ্কীক 257 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷
এখন মেচৰ জৰিয়তে দুই দলে গোটোৱা সৰ্বমুঠ ৰাণ :
2016 চনত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি 6 উইকেট হেৰুৱাই 245 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 4 উইকেট হেৰুৱাই 244 ৰাণ সংগ্ৰহ কৰিছিল ৷ টি-20 ইতিহাসত দুই দলে সৰ্বমুঠ সংগ্ৰহ কৰিছিল 489 ৰাণ ৷
এটা ইনিংছত সৰ্বমুঠ ছয় :
2019 চনত ডেৰাদুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে 22 টাকৈ ছয় কোবাইছিল ৷