অসম

assam

ETV Bharat / sports

2004 চনৰ আজিৰ দিনটো: টেষ্টত ত্ৰিশতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ছেহৱাগ - 2004 চনৰ আজিৰ দিনটো

2004 চনৰ আজিৰ দিনটোতে টেষ্টত ত্ৰিশতক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে খ্য়াতি লাভ কৰিছিল বীৰেন্দ্ৰ ছেহৱাগে ৷ তিনিখন খেলৰ এক টেষ্ট শৃংখলাত পাকিস্তানৰ বিৰুদ্ধে খেলি প্ৰথম টেষ্টতে ছেহৱাগে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

বিৰেন্দৰ ছেহৱাগ
বিৰেন্দৰ ছেহৱাগ

By

Published : Mar 29, 2021, 1:41 PM IST

স্পৰ্টছ ডেস্ক,29 মাৰ্চ:2004 চনৰ আজিৰ দিনটোতে বীৰেন্দ্ৰ ছেহৱাগে ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটত ত্ৰিশতক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ৷

তিনিখন খেলৰ এক টেষ্ট শৃংখলাত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথম দুখন টেষ্টত সৌৰভ গাংগুলীৰ অনুপস্থিতিৰ বাবে ৰাহুল দ্ৰাবিড়ে দলক নেতৃত্ব প্ৰদান কৰিছিল ৷

প্ৰথম টেষ্টত প্ৰথমে বেটিং কৰি ভাৰতে প্ৰথম দিনাই 356/2 সংগ্ৰহ কৰিছিল ৷ দিনটোৰ অন্তত ছেহৱাগে 228 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ৷ দ্বিতীয় দিনা তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷

সেই বিশেষ দিনটো স্মৰণ কৰি ছেহৱাগে সোমবাৰে এক টুইটৰ জৰিয়তে কয়, "29 মাৰ্চ-মোৰ বাবে এক বিশেষ দিন ৷ মুলতানত পাকিস্তানৰ বিৰুদ্ধে টেষ্টত ত্ৰিশতক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হোৱাৰ সুযোগ লাভ কৰিছিলো ৷ আকস্মিকভাৱে 4 বছৰৰ পাচত সেই দিনটোতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 319 ৰাণত আউট হৈছিলো" ৷

ছাকলেইন মুস্তাকৰ বলত এটা ছয় কোবাই 300 ৰাণ সংগ্ৰহ কৰিছিল ছেহৱাগে ৷ লগতে পাকিস্তানৰ মাটিতে পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছিল ছেহৱাগ ৷

ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল সঞ্জয় মঞ্জৰেকাৰ ৷ 1989 চনত তেওঁ লাহোৰত 218 ৰাণ সংগ্ৰহ কৰিছিল ৷ 309 ৰাণ সংগ্ৰহ কৰাৰ পাচত ছেহৱাগে মহম্মদ ছামীৰ হাতত উইকেট হেৰুৱাইছিল ৷ ছেহৱাগৰ দুৰ্দান্ত বেটিঙৰ ফলত ভাৰতে সহজ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে, 2008 চনৰ 29 মাৰ্চত তেওঁ পুনৰ তথা দ্বিতীয়বাৰৰ বাবে ত্ৰিশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ দ্বিতীয়টো ত্ৰিশতক অৰ্জন কৰিছিল ৷

মেচৰ চতুৰ্থ দিনা ছেহৱাগে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ 319 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ছেহৱাগৰ উপৰি এই অভিলেখৰ গৰাকী হোৱা একমাত্ৰ ভাৰতীয় বেটছমেন হৈছে কৰুণ নায়াৰ ৷ ইংলেণ্ডৰ বিৰুদ্ধে 2016 চনত এই কৃতিত্ব অৰ্জন কৰিছিল নায়াৰে ৷

লগতে পঢ়ক :ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰি ভাৰতৰ এদিনীয়া শৃংখলা দখল

ABOUT THE AUTHOR

...view details