অসম

assam

By

Published : Jan 26, 2020, 2:08 PM IST

ETV Bharat / sports

ভাৰতৰ সন্মুখত 133 ৰাণৰ লক্ষ্য নিউজিলেণ্ডৰ

ভাৰতক 133 ৰাণৰ লক্ষ্য বান্ধি দিছে নিউজিলেণ্ডে ৷ 20 অ'ভাৰত মুঠ 132 ৰাণ সংগ্ৰহ কৰে নিউজিলেণ্ডে ৷

133 ৰাণৰ লক্ষ্য
ভাৰত বনাম নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰী : দ্বিতীয় টি-20 মেচত ভাৰতক 133 ৰাণৰ সীমা বান্ধি দিছে ঘৰুৱা দল নিউজিলেণ্ডে৷ অকলেণ্ডৰ ইডেন পাৰ্কত ভাৰতীয় সময় অনুসৰি 12.30 বজাৰ পৰা আৰম্ভ হৈছে মেচখন ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ঘৰুৱা দল নিউজিলেণ্ডে ৷ পাঁচটাকৈ উইকেট হেৰুৱাই 20 অ'ভাৰত মুঠ 132 ৰাণ সংগ্ৰহ কৰে দলটোৱে ৷

উল্লেখ্য যে, দুয়ো দলে 11 জনীয়া সদস্যৰ দল অপৰিৱৰ্তি ৰাখিছে৷

প্ৰথম টি-20 ত দূৰ্দান্ত জয় সাব্যস্ত কৰাৰ পাচত দ্বিতীয় টি-20 তো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিছে ভাৰতীয় দল ৷ 5 খনীয়া টি-20 শৃংখলাৰ প্ৰখমখন মেচত জয়েৰে ভাৰতে বৰ্তমানলৈ 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ৷ প্ৰথম মেচত ভাৰতীয় দলে নিউজিলেণ্ডক ছয় উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷

আৰু পঢ়ক : পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম

ABOUT THE AUTHOR

...view details