স্পৰ্টছ ডেস্ক, 19 আগষ্টঃ ৱেষ্ট ইণ্ডিজ ভ্ৰমণত আছে ভাৰতীয় ক্ৰিকেট দল ৷ ইতিমধ্যে টি-20 আৰু এদিনীয়া শৃংখলা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷ কিন্তু টেষ্ট শৃংখলাৰ পূৰ্বে আহিছে ডাঙৰ খবৰ ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি ৱেষ্ট ইণ্ডিজত ভাৰতীয় দলৰ ওপৰত আক্ৰমণ হোৱাৰ আশংকা ৷ জানিব পৰা মতে, আক্ৰমণৰ ভাবুকি প্ৰত্যক্ষভাৱে ভাৰতীয় দললৈ অহাৰ পৰিৱৰ্তে পাকিস্তান ক্ৰিকেট বৰ্ডলৈ আহিছিল ৷ পিচিবিলৈ আহিছিল এটা ধমকি সদৃশ মেইল ৷ য’ত ভাৰতীয় দলৰ ওপৰত আক্ৰমণ কৰাৰ কথা উল্লেখ আছিল বুলি জানিবলৈ পোৱা গৈছে ৷
ৱেষ্ট ইণ্ডিজত ভাৰতীয় ক্ৰিকেট দলৰ নিৰাপত্তাক লৈ প্ৰশ্ন - PCB
ভাৰতীয় ক্ৰিকেট দলৰ ওপৰত ৱেষ্ট ইণ্ডিজত আক্ৰমণৰ ভাবুকি ৷ আই চি চি,ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বৰ্ড,বিচিচিআইৰ মতে এইয়া অপপ্ৰচাৰ ৷
ৱেষ্ট ইণ্ডিজত ভাৰতীয় ক্ৰিকেট দলৰ ওপৰত হ’ব নেকি আক্ৰমণ !
ইয়াৰ পাচতেই পিচিবিয়ে এই মেল বিচিচিআই আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ প্ৰেৰণ কৰে ৷ যাৰ পাচত বিচিচিআইয়ে গৃহ মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰে ৷ অৱশ্যে এই ধৰণৰ সকলো কথা আই চি চি,ৱেষ্ট ইণ্ডিজ আৰু ভাৰতীয় ক্ৰিকেট বৰ্ডে অপপ্ৰচাৰ বুলি উল্লেখ কৰে ৷ ভাৰতীয় দলটোৱে অহা 22 আগষ্টৰ পৰা দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব ৷ ভাৰতীয় দলটোৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণসূচীৰ অন্ত পৰিব অহা তিনি ছেপ্তেম্বৰত ৷