স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ :পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণৰ পাছতে মিছবাহ উল হকে ল'লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ দলৰ খেলুৱৈসকলৰ ফিটনেছ বৰ্তাই ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় তথা ঘৰুৱা শিৱিৰৰ খেলুৱৈসকলৰ বাবে এক নতুন ডায়েটৰ ব্যৱস্থা কৰিছে মিছবাহে ৷ কাইড-এ-আজম ট্ৰফীৰ এখন মেচৰ পূৰ্বে খেলুৱৈসকলৰ খাদ্য তালিকা প্ৰস্তুত কৰাৰ সময়ত কেটাৰিং কোম্পানীৰ এজন সদস্যই কয় যে, খেলুৱৈসকলৰ বাবে বিৰিয়ানী, তেলযুক্ত মাংসজাতীয় খাদ্য আৰু মিঠাই বন্ধ কৰি দিয়া হৈছে ৷
পাকিস্তানী ক্ৰিকেটাৰৰ বাবে "নৌ ম'ৰ বিৰিয়ানী" ! - "নৌ ম'ৰ বিৰিয়ানী"
পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণৰ পাছতে মিছবাহ উল হকে ল'লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ দলৰ খেলুৱৈসকলৰ ফিটনেছ বৰ্তাই ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় তথা ঘৰুৱা শিৱিৰৰ খেলুৱৈসকলৰ বাবে এক নতুন ডায়েটৰ ব্যৱস্থা কৰিছে মিছবাহে ৷ বন্ধ কৰি দিয়া হৈছে পাকিস্তানী ক্ৰিকেটাৰৰ বাবে বিৰিয়ানী তথা মিঠাই ৷

এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, পাষ্টা তথা বহুসংখ্যক ফল - মূল জাতীয় সামগ্ৰীহে খেলুৱৈসকলৰ খাদ্য তালিকাত দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মিছবাহে ৷ ঘৰুৱা তথা ৰাষ্ট্ৰীয় শিৱিৰ উভয়তে একে ধৰণৰ ডায়েট অনুসৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলিও বিবৃতিটোৱে উল্লেখ কৰে ৷
উল্লেখ্য যে, শেহতীয়াকৈ মিছবাহক মুখ্য প্ৰশিক্ষক আৰু মুখ্য নিৰ্বাচকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে ৱাকাৰ ইউনিছক তিনিবছৰৰ বাবে বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল ৷ মিছবাহ - ৱাকাৰৰ প্ৰশিক্ষণত প্ৰথমবাৰৰ বাবে পাকিস্তান দলে শ্ৰীলংকাৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 27 তাৰিখৰ পৰা 9 অক্টোবৰলৈ তিনিখনকৈ এদিনীয়া আৰু তিনিখন টি-20 ত অংশগ্ৰহণ কৰিব ৷
TAGGED:
নতুন ডায়েটৰ ব্যৱস্থা